নিয়োগ সংবাদ

নিয়োগ সংবাদ

৯৯১ নাৰ্ছিং বিষয়া পদ খালী

নিয়োগ সংবাদ


নতুন দিল্লীৰ ছফডৰজং হস্পিটেলত ৯৯১টা নাৰ্ছিং বিষয়া পদ খালী আছে ৷ অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে ৷ সবিশেষ www.vmmcsjh.nic.ত প্ৰকাশ পাব ৷ ১৬ আগষ্টৰ ভিতৰত অন্‌লাইনত আবেদন কৰিব লাগিব ৷


এ পি ডি চি এলত ২৫টা পদ

নিয়োগ সংবাদ


অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ 'সৌভাগ্য' নামৰ গ্ৰাম্য বৈদ্যুতিকীকৰণ প্ৰকল্পত কাৰিকৰী সহায়ক (বৈদ্যুতিক)ৰ ২৫টা পদত অস্থায়ীভাৱে নিযুক্তি দিব ৷ বাছনিৰ উদ্দেশ্যে অহা ১১ আৰু ১২ আগষ্টত গুৱাহাটীৰ বিজুলী ভৱনৰ দ্বিতীয় মহলাত থকা সভাকক্ষত দিনৰ ১১ বজাৰ পৰা সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব ৷


ইণ্ডিয়ান বেংকত ৪১৭টা পদ

নিয়োগ সংবাদ


ইণ্ডিয়ান বেংকত ৪১৭টা প্ৰবেছনাৰী অফিচাৰ পদত নিযুক্তি দিয়াৰ বাবে আবেদন বিচৰা হৈছে ৷ গুৱাহাটীত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ২৭ আগষ্টৰ ভিতৰত অন্‌লাইনত আবেদন কৰিব লাগিব ৷ www.indianbank.inৰ সহায় ল'ব পাৰে ৷


গৃহ নিৰ্মাণ পৰিষদত ৪২টা পদ

নিয়োগ সংবাদ


অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদত ৪২টা পদৰ বাবে আবেদন বিচৰা হৈছে ৷ কনিষ্ঠ সহায়ক ৭টা (মুখ্য কাৰ্যালয়), কনিষ্ঠ সহায়ক ১০টা (জিলা কাৰ্যালয়), গাণনিক সহায়ক ৫টা, কনিষ্ঠ অভিযন্তা (চিভিল) ৯টা, কনিষ্ঠ অভিযন্তা (ইলেকট্ৰিকেল) ১টা, সহকাৰী অভিযন্তা (চিভিল) ৩টা, ছেকচনেল সহায়ক ৬টা ৷ ২৩ আগষ্টৰ বিয়লি ৩ বজা পৰ্যন্ত অন্‌লাইনত আবেদন কৰিব পাৰিব ৷ ৱেবছাইট www.assam.gov.inৰ সহায় ল'ব পাৰে ৷


নৌসেনাত ২৪৭টা পদ

নিয়োগ সংবাদ


ভাৰতীয় নৌসেনাৰ অধীনস্থ নৌসেনা ভাৰতীত ২৪৭টা গ্ৰুপ 'চি' পদৰ বাবে আবেদন বিচৰা হৈছে ৷ ১১৮টা অভিযন্তা পদ আৰু ৫৩টা মাল্টি টাস্কিং ষ্টাফ পদ ৷ প্ৰথম পদৰ বাবে ২৪ আগষ্ট আৰু দ্বিতীয়টো পদৰ বাবে ২৫ আগষ্ট আবেদনৰ অন্তিম দিন ৷ www.joinindiannavy.gov.inৰ সহায় ল'ব পাৰে ৷


যোৰহাটত ৫১টা হোমগাৰ্ডৰ পদ

নিয়োগ সংবাদ


যোৰহাট জিলাৰ বিভিন্ন স্থানৰ বাবে ৫১জন হোমগাৰ্ড লাগে ৷ কাৰ্যকাল ছমাহৰ ৷ ৮ আগষ্টৰ ভিতৰত যোৰহাট জিলা গৃহৰক্ষী কাৰ্যালয়ৰ মকৰল বিভাগত আবেদন জমা দিব লাগিব ৷ নিযুক্তি সন্দৰ্ভত ৯৯৫৭৬-৩৪৭০৮ নম্বৰত যোগাযোগ কৰিব পাৰে ৷

আমাৰ মন্তব্য

নিয়োগ সম্পৰ্কীয় বাতৰিসমূহ অসমৰ যুৱক-যুৱতীৰ সহায় হোৱাকৈ বিভিন্ন ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা। সংশ্লিষ্ট ক্ষেত্ৰসমূহে সময়ত এই তথ্য সালসলনিও কৰিব পাৰে। আমি প্ৰাথমিক বাতৰি হিচাপে আগবঢ়োৱা তথ্যসমূহৰ ক্ষেত্ৰত বিসংগতি থাকিলে নিউজ এএছএন দায়বদ্ধ নহয়।

Your Comments