নিউজ ডেস্ক:
অৱশেষত বুধবাৰে আমচাং অভয়াৰণ্যত এৰি দিয়া হ'ল মঙলবাৰে দিনটো ধৰি গুৱাহাটীৰ ৰাজপথত বিচৰণ কৰা বন্যহস্তীটোক।
ৰাজ্যিক চিৰিয়াখানাৰ পৰা এখন ট্ৰাকত উঠাই ট্ৰেংকুলাইজ কৰা হাতীটোক আমচাং অভয়াৰণ্যলৈ লৈ যায় বন বিভাগৰ লোকে।
তাৰ পিছত ক্ৰেনৰ জৰিয়তে হাতীটোক ট্ৰাকৰ পৰা নমোৱা হয়।ট্ৰেংকুলাইজ কৰাৰ বাবে কিছু তন্দ্ৰামগ্ন হৈ থকা হাতীটোৱে লাহে লাহে অৰণ্যৰ মাজলৈ সোমাই যায়।
- Log in to post comments
- 13 views