গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয়ৰ সমীপৰ পদপথত দীৰ্ঘদিনৰ পৰা বাস কৰি আছে একাংশ অঘৰী লোকে।এই অঘৰী লোকসকলৰ মাজত বিভিন্ন বয়সৰ পুৰুষ,মহিলা তথা শিশুও আছে।অঘৰী লোকসকলে মানৱ অধিকাৰ লংঘনৰ পৰিবেশত বাস কৰি আছে।আনহাতে,এই লোকসকলৰ বাবে পদপথৰে খোজকঢ়া নাগৰিকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।
ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহি পাণবজাৰৰ মহাত্মা গান্ধী পথৰ শুক্ৰেশ্বৰ
মন্দিৰৰ সমীপৰ পদপথত আশ্ৰয় লোৱা অঘৰী লোকসকলে ৰ'দে-বৰষুণে থাকিবলৈ বাধ্য হৈছে।মানুহখিনিৰ মাজত থকা বৃদ্ধ আৰু মহিলাসকলে যথেষ্ট কষ্টত পদপথত দিন কটাবলৈ ধৰিছে।এই পদপথ অংশৰ কেইটামান অঘৰী পৰিয়ালৰ শিশুয়েও প্ৰতিকূল পৰিৱেশৰ মাজত থকা পৰিলক্ষিত হৈছে।উল্লেখ্য যে প্ৰতি পুৱা আৰু গধূলি অঘৰীসকলৰ মাজত শুক্ৰেশ্বৰ দেৱালয়ৰ একাংশ ভক্তই খাদ্য বিতৰণ কৰে আৰু প্ৰধানকৈ এই খাদ্যৰ বাবেই এই পদপথ এলেকাত এই ঘৰ -বাৰী নথকা লোকসকলৰ সমাগম হৈ আহিছে।ইফালে,এই লোকসকলৰ বাবে সম্প্ৰতি পদপথৰে খোজকঢ়াই কঠিন হৈ পৰিছে।মানুহখিনিৰ মাজত থকা একাংশ নিচাশক্ত লোকে পদপথৰে খোজকঢ়া লোকক মাজে-সময়ে আমনি কৰাৰ ঘটনাও ঘটিছে।
সচেতন মহলে অঘৰী লোকসকলক চৰকাৰী আশ্ৰয়গৃহলৈ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে।কামৰূপ মহানগৰ জিলা প্ৰশাসনে অঘৰী লোকসকলক শীঘ্ৰে চৰকাৰী আশ্ৰয়গৃহলৈ স্থানান্তৰ কৰাতো দৰকাৰ বুলি সচেতন নাগৰিকসকলে মত পোষণ কৰিছে।মানুহখিনিৰ মাজত থকা ৰুগীয়া লোকসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও প্ৰশাসনক আহ্বান জনাইছে ।
- Log in to post comments
- 17 views