কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কঞা ৰাজহ চক্ৰৰ এখন উল্লেখযোগ্য গাওঁ হ'ল বালিসত্ৰ ।আৰু এই বালিসত্ৰ গাওঁৰে পোৰাঢাপ থানত নিশা ফুলিছে এক বিশেষ প্ৰজাতিৰ অৰ্কিড। যাক কেন্দ্ৰ কৰি থান খনত দৈনিক উৎসুক জনতাৰ ভিৰ বাঢ়িছে। এই সমগ্ৰ বিষয়তো সামৰি স্থানীয় যুৱক দিগন্ত কুমাৰৰ এক বিশেষ প্ৰতিবেদন....
বালিসত্ৰ সৎসঙ্গী সত্ৰ তথা আদি সত্ৰ
ঐতিহ্যমণ্ডিত বালিসত্ৰৰ পুৰণি নাম আছিল বালিগ্ৰাম ( পণ্ডিত হেমচন্দ্ৰ গোস্বামী দেৱে তেখেতৰ “ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ” ত উল্লেখ কৰা মতে ) ৷ আনুমানিক ১৬০০ খ্ৰীষ্টাব্দৰ প্ৰথম ভাগত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ অন্যতম শিষ্য শ্ৰী হৰিচৰণ দেৱৰ পুত্ৰ শ্ৰী হৰিমিশ্ৰ দেৱে এই পূৰ্ণ ভূমিত সত্ৰ স্থাপন কৰে ৷
চৌদিশে বালিময় এই বালিগ্ৰাম তেতিয়াৰ পৰাই বালিসত্ৰ নামে জনাজাত হৈ পৰে ৷ এবাৰ বনজুইৰ কবলত পৰি গোটেই সত্ৰ খন জাহ যোৱাত সেই ঠাইৰ পৰা আধা কিলোমিটাৰ দক্ষিণ-পশ্চিম কোনলৈ (বৰ্তমানৰ ঠাইত ) সত্ৰখন স্থানান্তৰিত কৰা হয় ৷ আনহাতে জুয়ে পোৰা ভেটিটোক আজিও পোৰাঢাপ বা আদি সত্ৰ হিচাবে জনা যায় ৷ এই পোৰাঢাপ বা আদি সত্ৰৰ ৰাষ্টাৰ দুয়ো ফালে বৃহৎ আহত গছ দুজোপা লগতে স্থানান্তৰিত সত্ৰলৈ আহিব নিবিচৰা শিলাখণ্ড ( জনশ্ৰুতি মতে ) আজিও বিদ্যমান ৷ বছৰটোৰ অন্য মাহৰ তুলনাত মাঘ মাহত এই পোৰাঢাপৰ থান দুখনত অধিক ভক্তৰ সমাগম দেখা যায় ৷
( চক্ৰেশ্বৰ কুমাৰ দেৱৰ লিখনিৰ আলামত )
অৱশ্যে আজি মই অন্য এটা কাৰণতহে এই পোৰাঢাপৰ বিষয়ে লিখিব ওলাইছো ৷ আজি কেইদিন মানৰ পৰা পোৰাঢাপ থানত সন্ধিয়াৰ পৰা ভক্তৰ যথেষ্ট সমাগম দেখা গৈছে ৷ কাৰণটো হ’ল পূৱ দিশৰ থানখনত নিশা ফুলা বিশেষ প্ৰজাতিৰ আৰ্কিডবিধৰ আকৰ্ষণ ৷ বিভিন্ন জনৰ ভিন্ন মত ৷ কোনোবাই কয় এই আৰ্কিড বিধ হেনো একশ বছৰৰ মুৰত ফুলে ৷
দুই এজনে এয়া নতুন প্ৰজাতিৰ আৰ্কিড বুলি মন্তব্য কৰিছে ৷ অত্যুত্সাহী দুই এজনে নিজ চকুৰে নেদেখাকৈ ফুলবোৰে নিশা পোহৰ বিচ্ছুৰিত কৰা বুলিও কব খোজে ৷ আচলতে এই থান দুখনৰ সীমাতে আমাৰ খেতি মাটি থকাত সৰুৰে পৰা থান দুখন দেখি আহিছো ৷ আবেলি পথাৰৰ পৰা এৰাল দিয়া গৰু আনিবলৈ গৈ এই থান দুখনত সমনীয়াৰ সৈতে কৰা খেলা ধূলা আজিও মানস পটত জিলিকি আছে ৷ শৈশৱ, কৈশোৰতে দেখিছিলো আৰ্কিডবিধ তথা মৰহিযোৱা ফুলবোৰ ৷ যিহেতু আৰ্কিডবিধ ৰাতিহে ফুলে, গতিকে দিনত কেৱল মৰহি যোৱা ফুল বোৰহে দেখা পোৱা যায় ৷
অনহাতে আজি কেইদিনমান আগতে নিশা থানখনত পোহৰৰ ব্যৱস্থা কৰাত প্ৰথমবাৰৰ বাবে মানুহৰ চকুত পৰে ফুল বিধ ৷ লগে লগে তীব্ৰ জনৰৱ আৰু সন্ধিয়াৰ পৰা ভক্তৰ লানি নিচিগা শাৰী ৷
ইতিমধ্যে ফুল ফুলা প্ৰায় শেষ হও হও ৷ যোৱা দুদিন নিশা দহ বজালৈ মই থানত উপস্থিত আছিলো ৷ বিভিন্ন ঠাইৰ পৰা অহা বাবা সকলে সমস্বৰে গোৱা “ হৰে কৃষ্ণ হৰে ৰাম ” তথা খোল, তাল, শংখ, বৰকাহ আৰু দমবৰুৰ মিশ্ৰিত ধ্বনিত নিমজ্জিত হৈ পৰমাত্মাৰ লগত খন্তেকৰ বাবে হলেও বিলিন হোৱাৰ প্ৰয়াস কৰিছো ৷
- Log in to post comments
- 79 views