সঘন বিদ্যুৎ কৰ্তনে জ্বলা -কলা খুৱাইছে উত্তৰ গুৱাহাটীবাসীক

north ghy

নিউজ ডেস্ক:

সঘন বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ পৰিছে উত্তৰ গুৱাহাটীৰ ৰাইজ।বিগত এমাহত বৃহত্তৰ উত্তৰ গুৱাহাটীত দিনে-নিশাই বিদ্যুৎ কৰ্তন হ'বলৈ ধৰাত ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।


বিদ্যুৎ কৰ্তনৰ সময়ত ৰাইজে গৰমত চাটি-ফুটি কৰি সময় কটাবলৈ বাধ্য হৈছে।বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰ্থিক লোকচানৰ সন্মুখীন হৈছে।বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ পঢ়া-শুনা বাধাগ্ৰস্ত হৈছে।পৰিস্থিতি এনে হৈছে গৈ যে ঘৰত ইনভাৰ্টাৰ স্থাপনৰ বিকল্প নোহোৱা হৈছে।যিসকল লোক আৰ্থিকভাৱে স্বচ্ছল,তেওঁলোকে ইনভাৰ্টাৰ স্থাপন কৰিছে যদিও দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তসকলে গৰমতে ছাটি-ফুটি কৰি থাকিবলৈ বাধ্য হৈছে।


সঘন বিদ্যুৎ কৰ্তন শীঘ্ৰে বন্ধ কৰিবলৈ সচেতন উত্তৰ গুৱাহাটীবাসীয়ে বিদ্যুৎ বিভাগৰ ওচৰত দাবী জনাইছে।

বিষয়টো যথোচিতভাৱে বিদ্যুৎ বিভাগৰ ওচৰত উত্থাপন কৰিবলৈ স্থানীয় দল-সংগঠনকো আহ্বান জনাইছে সচেতন ৰাইজে।জালুকবাৰী সমষ্টিৰ বিধায়ককো বিষয়টোত গুৰুত্ব দি ৰাইজক সকাহ দিবলৈ সচেতন মহলে আহ্বান জনাইছে।

Your Comments