 
দেশৰ জীৱন বীমা খণ্ডৰ বিভিন্ন কোম্পানীৰ অধীনত এতিয়াও দাবী নকৰাকৈ আছে বৃহৎসংখ্যক ধন ৷ উল্লেখ্য যে জীৱন বীমাৰ বিভিন্ন আঁচনিত পলিচীহল্ডাৰসকলে দাবী নকৰাকৈ থকা ধনৰ পৰিমাণ হ'ল ১৫১৬৬.৪৭ কোটি টকা ৷ ৩১ মাৰ্চ, ২০১৮লৈ প্ৰাপ্ত তথ্য অনুযায়ী দেশৰ ২২টা ব্যক্তি খণ্ডৰ আৰু চৰকাৰী খণ্ডৰ একমাত্ৰ জীৱন বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমত উক্ত ধনৰাশি পলিচীহল্ডাৰসকলে দাবী নকৰাকৈ আছে ৷ তালিকাত কোম্পানীসমূহৰ নাম আৰু দাবী নকৰাকৈ থকা ধনৰ পৰিমাণ দেখুওৱা হৈছে ৷
 
- Log in to post comments
- 16 views
 
     
 
 
 
 
 

 
 
 
 
 
 
 
 
 
