বীৰ ছহিদ বিশ্বজিৎ চৌহানৰ ৰাজ‍্যিক মৰ্যাদাৰে শেষকৃত‍্য সম্পন্ন

swahid

ওদালগুৰিৰ পৰা ৰিজুল হক

মাওবাদী আৰু চিআৰপিএফৰ মাজত হোৱা তুমুল সংঘৰ্ষত ছহিদ হোৱা অসমৰ বীৰ জোৱান বিশ্বজিৎ চৌহানৰ মৃতদেহ যোৱা নিশা গুৱাহাটী বিমানবন্দৰলৈ অনা হয়।গুৱাহাটীৰ পৰা  সেনাৰ এম্বুলেন্সেৰে  কলাইগাঁৱৰ পুঠিমাৰীৰ নিজা বাসগৃহলৈ ছহিদজনৰ মৃতদেহ নিয়া হয়।চৌহানৰ মৃতদেহ আহি পোৱাৰ লগেলগে পৰিয়াল আৰু উপস্থিত জনতাৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।


অসম চৰকাৰৰ মন্ত্ৰী ৰিহণ দৈমাৰী, বিটিচিৰ অধ‍্যক্ষ ত্ৰিদীপ দৈমাৰী, চিআৰপিএফৰ ডিআইজি,উত্তৰ পূৰ্বাঞ্চল জোনৰ এ ডিচি,উত্তৰ পূৰ্বাঞ্চল চেক্টৰৰ আই জি,মহকুমাধিপতি ভেৰগাঁও,ৰাজহ চক্ৰ বিষয়া টংলা, ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক,কলাইগাঁও থানাৰ আৰক্ষী বিষয়াৰ উপৰিও বহুকেইগৰাকী উচ্চপদস্থ বিষয়াৰ উপস্থিতিত ৰাজ‍্যিক মৰ্যাদাৰে বীৰ ছহিদ বিশ্বজিৎ চৌহানৰ নশ্বৰদেহৰ সৎকাৰ কৰা হয়।swahid


মৃতদেহ সৎকাৰ কৰাৰ পূৰ্বে সদৌ ওদালগুৰি জিলা ভোজপুৰী যুৱ-ছাত্র পৰিষদ,কলাইগাঁও আঞ্চলিক ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদ,কবিৰালী ভোজপুৰী যুৱ-ছাত্র পৰিষদ,কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা,কবিৰালী শাখা ছাত্ৰ সন্থা,হিন্দীভাষী যুৱ -ছাত্র পৰিষদ,হিন্দীভাষী বিকাশ পৰিষদৰ ওদালগুৰি জিলা সমিতি, কবিৰালী আঞ্চলিক আদীবাসী ছাত্ৰ সন্থা,কবিৰালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ বৰপুখুৰী হাইস্কুল ,কদমতলা মধ্য ইংৰাজী বিদ্যালয় আদিকে ধৰি বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Your Comments