![mao](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-15%20at%205.15.12%20PM.jpeg?itok=kLgol8zc)
ওদালগুৰিৰ পৰা ৰিজুল হক
ঝাৰখণ্ডত মাওবাদী আৰু চিআৰপিএফৰ মাজত দেওবাৰৰ নিশা সংঘটিত তুমুল সংঘৰ্ষত অসমৰ চিআৰপিএফ জোৱান বিশ্বজিৎ চৌহান(২৪) ছহিদ হয়।এই সংঘৰ্ষত তিনিগৰাকী মাওবাদী উগ্ৰপন্থীও নিহত হয়।
ছহিদ বিশ্বজিতৰ ঘৰ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিকটৱৰ্তী পুঠিমাৰী গাঁৱত।তেওঁ কমলা চৌহান আৰু ফুলকুমাৰী দেৱীৰ পুত্ৰ।ৰঙালী বিহু উদযাপনৰ সময়তে অহা জোৱানগৰাকীৰ মৃত্যুৰ খবৰে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
- Log in to post comments
- 67 views