ৰঙালীৰ পূৰ্বে হায়াতত ৰসিকতাৰ ঢৌ

h

প্ৰাক্ ৰঙালী বিহু উদ্যাপনত কঁকাল ভাগি নাচিলে হায়াত হাস্পতালৰ কৰ্মীয়ে। ৰোগীক শুশ্ৰূষা কৰাৰ লগতে বিহুৰ আনন্দত আত্মহাৰা হ'ল তেওঁলোক । বুধবাৰে হায়াত হাস্পতাল,হায়াত ইনষ্টিটিউট অৱ নাৰ্ছিং এডুকেচন আৰু হায়াত প্ৰতিবেশী সমাজৰ উদ্যোগত ৰোগীৰ সৈতে ৰঙালী বিহু উদ্যাপনত নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। 
      

অনুষ্ঠানটোত অসমীয়া বোলছবি জগতৰ মোহময়ী তথা ৰসৰ ৰাণী অভিনেত্ৰী চেতনা দাস, অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু জনপ্ৰিয় গায়ক অনুপম শইকীয়া উপস্থিত আছিল। 
     

অনুষ্ঠানটোত উপস্থিত হৈ অভিনেত্ৰী চেতনা দাসে সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই সকলোকে হাঁহি থাকিবলৈ অনুৰোধ কৰে। লগতে তেওঁৰ ৰসাল কথাত অনুষ্ঠানটোত উপস্থিত থকা সকলোকে আনন্দ দিয়ে। হায়াত হাস্পতালৰ কৰ্তৃপক্ষকো তেওঁ ধন্যবাদ জনায়। 
       


আনহাতে অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে সকলো নিৰোগী হৈ থকাটো আশা কৰে।আগন্তুক নিৰ্বাচনত সকলোকে নিজৰ বহুমূলীয়া ভোটটো দিবৰ বাবে অনুৰোধ জনায়। 
h1 প্ৰাক্ ৰঙালী অনুষ্ঠানটোত উপস্থিত থকা জনপ্ৰিয় গায়ক অনুপম শইকীয়াৰ গীতত ৰসৰ ৰাণী চেতনা দাস আৰু মাধুৰীমা চৌধুৰীৰ লগতে হায়াত হাস্পতালৰ কৰ্মী সকলেও বিহু নাচে।

Your Comments