বৰভাগৰ পৰা সঞ্জয় দাস :
নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বাঘমাৰাস্থিত বনভাগ জাতীয় বিদ্যালয়ৰ ষষ্ঠ বাৰ্ষিক মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয়।বঁটা বিতৰণী আৰু মুকলি সভাত সভাপতিত্ব কৰে বনভাগ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিনোদ তালুকদাৰে। সভাখনৰ আঁত ধৰে বিদ্যালয়ৰ উপাধ্যক্ষ হেলিম আহমেদে।সভিত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডঃ বিপিন কলিতাই কয় যে বৰ্তমান সময়ত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত একাংশ অভিভাৱকে ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰোৱাৰ বাবে ঢাপলি মেলি অসমীয়া ভাষা-সংস্কৃতিক বিপন্ন কৰিব বিছাৰিছে।সাহিত্যিকগৰাকয়ে লগতে কয় যে নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থাই শিশুৰ দৈনন্দিন বিকাশত ক্ষতিসাধন কৰিছে।
সভাত নলবাৰী জিলাৰ নবোদয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰনেতা অমল ডেকাই ভাষণ প্ৰসংগত জাতীয় বিদ্যালয়ৰ ইতিহাস, বৰ্তমানৰ কাৰ্যপন্থা আৰু পাঠ্যপুথিৰ লগতে শিক্ষকৰ দায়িত্ববোধ সন্দৰ্ভতো বিতংকৈ মন্তব্য আগবঢ়ায়।
সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ লহকৰেও ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে।সভাৰ অন্তত বাৰ্ষিক অধিৱেশন উপলক্ষে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়।
- Log in to post comments
- 266 views