হাতীগাঁৱত চেন্টাৰ অফ ইনফৰমেচন গাইডেন্স ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন

kristi_

অসমৰ শোষিত, বঞ্চিত-দুৰ্ভগীয়া লোকৰ শিক্ষা,  কৰ্মসংস্থান তথা দক্ষতা বিকাশৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী, ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে চেন্টাৰ অফ ইনফৰমেচন গাইডেন্স ইণ্ডিয়া (চিজি) নামৰ এটি স্বেচ্ছাসেৱী সংস্থাই। গুৱাহাটীৰ হাতীগাঁওত অৱস্হিত কেৰেলা কেফেত এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। সভাত অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ লগতে বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।

বিশেষকৈ শিক্ষা, কৰ্মসংস্থান, চিকিৎসা সেৱা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। উল্লেখ্য যে দক্ষিণ ভাৰতৰ কেৰালাৰ স্বেচ্ছাসেৱী সংস্থা চিজিয়ে ৭০ দশকৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা, কৰ্মসংস্থান, স্বাস্থ্য আদি বিভিন্ন বিষয়ৰ ওপৰত সেৱা আগবঢ়াই আহিছে। ভাৰত চৰকাৰৰ দ্বাৰা ইতিমধ্যে কেইবাবাৰো ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা চিজিয়ে অসমৰ বিভিন্ন সমস্যা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে।

সভাখনৰ জৰিয়তে কটন কলেজৰ আৰবী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: ফজলুৰ ৰহমানক মুখ্য আহ্বায়ক হিচাপে লৈ চিজি অসমৰ তদৰ্থ কমিটি এখন গঠন কৰা হয়। লগতে অহা ২৭ এপ্ৰিলত চিজিৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Your Comments