'ফাকুৱা' উৎসৱৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহক সচেতন অসমীয়া

fakua

#ৰাজকমল চাংকাকতি#

ফাকুৱা বা হোলী বা দৌলোৎসৱ অসমীয়াৰ এটা অন্যতম প্ৰাণৰ উৎসৱ।বিহু,দুৰ্গোৎসৱ,ঈদ আদিয়ে যেনেদৰে অসমীয়াৰ মনলৈ আনন্দ আনে, তেনেদৰে ফাকুৱায়ো জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে অসমবাসীৰ মন-প্রাণত ৰঙৰ জোৱাৰ তোলে।বিবিধ ৰঙৰ ফাকু গুড়িৰে ফাকুৱা উৎসৱ পালন কৰা মানে হৃদয়ৰ ভালপোৱাবোৰ ইজনে সিজনক দিয়া।এনেদৰেই  ফাকুৱা উৎসৱত সমন্বয়ৰ বতৰা,সমন্বয় বৰ্তাই ৰখাৰ আহ্বান।
       ফাকুৱা যুগে যুগে অসমীয়া মানুহে পালন কৰি আহিছে।কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰৰ বাবে বৰদোৱাত  দৌল উৎসৱ পালন কৰা অথবা  মথুৰা দাস বুঢ়া আতাই বৰপেটা সত্ৰত ১৫১৮ শকত প্ৰথমবাৰৰ বাবে দৌলোৎসৱ অনুষ্ঠিত  কৰাৰ সৈতে আধুনিক অসমত ফাকুৱা পালনৰ পাৰ্থক্য আছে যথেষ্টখিনি।৯১চনৰ পূৰ্বলৈকে ফাকুৱা পালনত মধ্যযুগীয় সময়ৰ অধ্যাত্মিকতাৰ প্ৰাধান্য আছিল।কিন্ত ৯১ চনত দেশে বিশ্বায়নী ব্যৱস্থা  আঁকোৱালি লোৱাৰ পিছৰে পৰা ফাকুৱা পালনত অধ্যাত্মিকতাৰ গুৰুত্ব বছৰ  বাগৰাৰ লগে লগে অধিক হ্ৰাস পাবলৈ ধৰিছে।আজি ২০১৯ চনত অসমীয়া জনতাৰ এক বুজন সংখ্যকে বা যুৱ প্ৰজন্মৰ গৰিষ্ঠসংখ্যকে বুজি নাপায় হোলী পালনৰ আধ্যাত্মিক গুৰুত্ব, বিভিন্ন তাৎপৰ্য। পৰ্যন্ত।শীতক বিদায় দি বসন্তক আদৰৰ প্ৰতীক হিচাপে যে 'মেষদাহ' ধৰ্মীয় পৰ্ব ,অপশক্তি বিনাশৰ বার্তাৰে যে  'হোলিকা দাহ' পৰ্ব পালন কৰা হয়-সেই বিষয়ে অজ্ঞ এতিয়া দেশৰ বা অসমৰ যুৱ প্ৰজন্মৰ অনেকেই।দৰাচলতে বিশ্বায়নী ভোগবাদী ভাৱনা-চিন্তাই জনসাধাৰণৰ ধৰ্মীয় উৎসৱ পালনৰ  ধৰণ-কৰণৰ   ব্যাপক ঋণাত্মক পৰিৱৰ্তন সাধন কৰিছে। প্ৰতিটো ধৰ্মীয় উৎসৱ পালন  বহুতৰে বাবে ভোগ-বিলাস কৰাৰ দিনৰ বাহিৰে আন একো নহয়।ফাকুৱাৰ দিনটোও যুৱ-প্ৰজন্মৰ অনেকৰ বাবে সুৰা, বিবিধ মাদক দ্ৰব্য সেৱণৰে দৈহিক সুখপ্ৰাপ্তি,উচ্ছৃংখল আচৰণ প্ৰদৰ্শনৰে 'ছেডিষ্টিক প্লিজাৰ' লাভৰহে দিন।হোলীৰ  নৈতিকতা,মূল্যবোধ,মানৱতা অক্ষুন্ন ৰখাৰ ধৰ্ম-উদ্ভুত বাৰ্তাৰ পৰা তেওঁলোক শতযোজন আঁতৰত।
     হয়,এতিয়াও অসমৰ সত্ৰ, নামঘৰত ধৰ্মীয় পৰম্পৰাৰে উৎসাহ-উদ্দীপনাৰে  ফাকুৱা পালন কৰা হয়।কিন্ত এই দুটা দিনতেই গাঁও, চহৰ-নগৰৰ বাটে- পথত নিচাসক্ত যুৱক-যুৱতীৰ ব্যাপক উপদ্ৰৱ পৰিলক্ষিত হয়।ফাকুৱাক বৰ্তমান আধ্যাত্মিক তাৎপৰ্যৰ দিন হিচাপে মনত ৰখাতকৈ ৰাজপথত উচ্ছৃংখল যুৱশক্তিৰ অতপালিৰ দিন হিচাপেহে মনত ৰখাৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ ধৰিছে।
    ফাকুৱা উৎসৱক কলুষিত কৰা 'আধুনিক অপশক্তি'ৰ বিৰুদ্ধে ঠিয় দিব লাগিব সমাজৰ শুভবুদ্ধিসম্পন্ন শক্তিয়ে।হোলীৰ আধ্যাত্মিকতাক  অপৱিত্ৰ হ'বলৈ নিদিবলৈ আৰক্ষী- প্ৰশাসনৰ সহায় লৈ আগবাঢ়ি আহিব লাগিব সমাজত যি সকল শুভবুদ্ধিসম্পন্ন লোক আছে,তেওঁলোকে।।আৰক্ষী কঠোৰ হ'ব লাগিব উচ্ছৃংখল পক্ষৰ বিৰুদ্ধে।ধৰ্মীয় উৎসৱসমূহক কেৱল ভোগৰ উৎসৱলৈ পৰ্যবসিত কৰিবলৈ বিচৰা বিশ্বায়নী ধ্যান-ধাৰণাৰ বিৰুদ্ধে সকলো সময়তে যুঁজ দিবলৈও সমাজৰ সচেতন বৰ্গ এই ফাকুৱাৰ দিনকেইটাতে সংকল্পবদ্ধ হোৱাৰ দৰকাৰ।আনহাতে,ফাকুৱাৰ দিনকেইটাত সমন্বয়ৰ বাৰ্তা প্ৰেৰণৰ কামখিনি নিষ্ঠাৰে কৰি যাব লাগিব জাতিৰ প্ৰতি দায়বদ্ধ প্ৰতিগৰাকী অসমীয়াই।

Your Comments