গৰীয়া-মৰিয়া-দেশী জনগোষ্ঠীসকল বঞ্চিত হৈ আহিছে সংখ্যালঘুৰ সুবিধাৰ পৰা : হাফিজুল আহমেদ

kristi_priya_gogoi

উন্নয়নৰ পৰা বঞ্চিত গৰীয়া-মৰিয়া-দেশী জনগোষ্ঠী৷ স্বাধীনতাৰ ৭০ বছৰৰ পিছতো অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী গৰীয়া-মৰিয়া-দেশী আদি জনগোষ্ঠীৰ নহ'ল উন্নয়ন । সংখ্যালঘু নতুবা মুছলমানৰ নাম দি একাংশ লোকে কেৱল ৰাজনীতিহে কৰিলে। মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখনি সংবাদমেলত এইদৰে মন্তব্য কৰে সদৌ অসম গৰীয়া-মৰিয়া দেশী-জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে। তেওঁ কয় যে গৰীয়া-মৰিয়া-দেশী জনগোষ্ঠীসকলে সংখ্যালঘু সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। তাৰবাবে সংখ্যালঘু বোৰ্ডে তেওঁলোকৰ কাৰণে এক বিশেষ আঁচনি ঘোষণা কৰিছে।

কিন্তু এই আঁচনি ঘোষণা কৰাৰ লগে লগেই একাংশ তথাকথিত সংখ্যালঘুৰ নামত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই থকা  একাংশ দল-সংগঠন, ৰাজনৈতিক নেতা তথা এটা বিশেষ সংবাদ প্ৰতিষ্ঠানে এই ঘোষণাৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে এই ঘোষণাই মুছলমানক ভাগ-ভাগ কৰা হৈছে বুলিও সভাপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে অসমীয়া জাতি কোনো দিনেই ধৰ্মৰ নামত সৃষ্টি হোৱা নাই, বিভিন্ন জাতি জনগোষ্ঠীৰে অসমীয়াৰ পৰিচয় গঠিত।

মুছলমানৰ নাম লৈ তেওঁলোকে পৃথিৱীৰ সকলো মুছলমানকে একাকাৰ কৰি সাম্প্ৰদায়িক বিষ বাষ্প ছটিয়াবলৈ চেষ্টা কৰি আহিছে। তাৰেই পৰিণতিত বিগত সময়ছোৱাত তেওঁলোকে অসমত এক অস্থিৰ পৰিৱেশ গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে৷ তেওঁলোকে কেৱল খিলঞ্জীয়া ইছলামধৰ্মী লোকৰ বিৰুদ্ধেই নহয় অসমৰ অইন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে গৈ মৌলবাদী, জেহাদী শক্তিক উচটনি প্ৰদান কৰিছে। অসমীয়া জাতিক ধৰ্মীয় পৰিচয়েৰে ভাগ ভাগ কৰিব খোজা এইসকল লোকৰ বাবেই খিলঞ্জীয়া ইছলামধৰ্মী লোকসকল আজি লাঞ্ছিত-বঞ্চিত হৈ আহিছে বুলিও হাফিজুল আহমেদে জানিবলৈ দিয়ে।

Your Comments