আজি ছহিদ মনেশ্বৰ  বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ

tamul_

আজি ছহিদ মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ৷ ১০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে আদ্যশ্ৰাদ্ধত৷ ছহিদৰ বাসগৃহলৈ অহাৰ কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীস্থিত বাসগৃহত অনুষ্ঠিত আদ্যশ্ৰাদ্ধত উপস্থিত থাকিব অন্যান্য বহু বিশিষ্ট লোক।

tamul_

১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত পাক্‌ সমৰ্থিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ছহিদ হৈছিল অসমৰ বীৰ জোৱান মনেশ্বৰ বসুমতাৰী। বীৰ ছহিদ গৰাকীৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ এখন উলিওৱা হৈছে৷ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

Your Comments