তামুলপুৰৰ কলবাৰীৰ পৰা নিৰুদ্দেশ যুৱক

missing_tamulpur

সোমবাৰৰ পৰা বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলবাৰী গাঁৱৰ নাথচুপাৰ পৰা ৰিংকু নাথ নামৰ এজন ২২ বছৰীয়া যুৱক নিৰুদ্দেশ হৈছে। জানিব পৰা মতে কলবাৰী গাঁৱৰ নাথচুপাৰ দধি ৰাম নাথৰ পুত্ৰ ৰিংকু নাথে সোমবাৰে বিয়লি ৫ মান বজাত ৰঙিয়ালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যায়৷ তেতিয়াৰে পৰা তেওঁ নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে আলহী-কুটুম্বৰ ঘৰত বিচাৰ-খোচাৰ কৰিও সন্ধান নোপোৱাত আজি তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

মিঠা বৰণীয়া যুৱকজনৰ পিন্ধনত এটা জীনছৰ পেণ্ট আৰু নেভি ব্লু ৰঙৰ ফুল ছাৰ্ট পিন্ধিছিল। যুৱকজনৰ হাত-ভৰি আৰু মুখ মণ্ডলত জখমৰ চিন আছে। মানসিকভাৱেও বিকাৰগ্ৰস্ত যুৱকজনৰ কোনো লোকে সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা বা এই নম্বৰত যোগাযোগ কৰে যেন। নম্বৰসমূহ হ'ল-(ক) ৯৯৫৭২-৩১৪২৬, (খ) ৯৫৩১৩-৮২৬০০, (গ) ৮৭৪৯৯-৪২৮০৬৷

Your Comments