বায়ু সেনাৰ অভিযানক আদৰণি ছহিদ পৰিয়ালৰ

tamulpur_

আজি পুৱতি নিশা ভাৰতীয় বায়ু সেনাই পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰাৰ লগতে উগ্ৰপন্থীৰ নিয়ন্ত্ৰণকক্ষ বোমাৰে উৰুৱাই প্ৰায় দুই শতাধিকতকৈও অধিক উগ্ৰপন্থী নিহত কৰা কাৰ্যক আদৰণি জনাছে ছহিদ মনেশ্বৰ বসুমতাৰীৰৰ পৰিয়ালে। এই অভিযানে ছহিদ পৰিয়ালসমূহক এক মৰ্যদা প্ৰদান কৰিছে বুলি বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰৰ পত্নী চানমুতী বসুমতাৰী, কন্যা দিমশ্ৰী বসুমতাৰীয়ে জানিব দিয়ে।

সমান্তৰালভাৱে ছহিদ মনেশ্বৰ বসুমতাৰী আদ্যশ্ৰাদ্ধ পৰিচালনা সমিতিৰ সম্পাদক দেৱন বড়ো আৰু ছহিদগৰাকীৰ ভাগিন কমল বড়োই ভাৰত চৰকাৰ, ভাৰতীয় সেনা বাহিনী, বায়ু সেনাৰ এই বৃহত অভিযানৰ শলাগ লয় আৰু ছহিদ পৰিয়ালৰ লগতে ছহিদ আত্মাই যোগ্য সন্মান আৰু শান্তি লাভ কৰা বুলি জানিব দিয়ে।

Your Comments