দৰঙ্গাজুলিত কেইবাটাও আঁচনিৰ শুভ উদ্বোধনৰ লগতে আধাৰ শিলাস্থাপন

tamulpur_stone

আমি মডেল ভিলেজ বা আদৰ্শ গাঁও বনালে নহ'ব আমাৰ মনবোৰ, চিন্তাধাৰাবোৰো মডেল ভিলেজৰ দৰে মডেল অৰ্থাত অন্যতকৈ বেলেগ হ'ব লাগিব- এই ভাষ্য তামুলপুৰৰ বিধায়ক তথা অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ণ নিগমৰ অধ্যক্ষ ইমানুৱেল মুছাহাৰীৰ। আজি তামুলপুৰ মহকুমাৰ ২৬ নং দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাদাৰবাৰী গাঁওখন আদৰ্শ গাঁও হিচাপে শুভ শুদ্বোধন অনুষ্ঠানত উপস্থিত থাকি তেওঁ এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ কয় যে আমাৰ বহু সমস্যা আছে। শিক্ষা, স্বাস্থ্য সেৱাৰ ক্ষেত্ৰটো আমাৰ সমস্যা আছে।

এই সমস্যাবোৰ অতিক্ৰম কৰিবলৈ হ'লে আমাৰ চিন্তাধাৰা সলনি কৰিব লাগিব। আমি আমাৰ আয় দ্বিগুণ কৰাৰ চিন্তা কৰিব লাগিব। আমাৰ চৰকাৰে সকলো গাঁৱৰ পথবোৰ পকীকৰণ কৰি মূল পথৰ স'তে সংযোগ কৰাৰ আঁচনি গ্ৰহণ কৰিছে। ৰাইজক চৰকাৰৰ এই আঁচনিসমূহৰ সুফলবোৰ ল'বলৈ তেওঁ আহ্বান জনায়।

আদৰ্শ গাঁওৰ লগতে মাদাৰবাৰী গাঁৱৰ ৯৩ লাখ টকা ব্যয় সাপেক্ষ এটা চিচি ব্লক পথৰ আধাৰ শিলা স্থাপন কৰি দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে সকলো সময়তে ৰাইজৰ প্ৰতিনিধিৰ স'তে যোগাযোগ ৰাখিবলৈ ৰাইজলৈ আহ্বান জনায়। তেওঁ কয় যে যোগাযোগ ৰাখিলেহে কামবোৰ কৰাত সুবিধা হয়। সেয়ে তেওঁ চৰকাৰী কামৰ সুফল পাবলৈ জনপ্ৰতিনিধিৰ স'তে যোগাযোগ ৰাখিবলৈ আহ্বান জনায়।

ভাষণ প্ৰসংগত তেওঁ কয় যে, আমি কৰা কামৰ কথা ৰাইজে বাতৰি কাকত আদিৰ জৰিয়তে নিতৌ গম পাই আছে। কিছুমান কামৰ সুফল পাবলৈ আমি ধৈৰ্য ধৰিবই লাগিব। সময়ৰ লগে লগে সকলোৰে পৰিৱৰ্তন আহে। বৰ্তমান বিপিএফ দল এটা শক্তিশালী ৰাজনৈতিক দল আৰু আহি থকা লোকসভা নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থীয়েই জয়ী হোৱাটো নিশ্চিত বুলিও তেওঁ দাবী কৰে। সেয়ে ৰাইজক অন্য কথা নাভাবি বিপিএফৰ স'তে থাকিবলৈ ভাষণ প্ৰসংগত আহ্বান জনায়।

ইয়াৰ পূৰ্বে ২নং কুমাৰীকাটা ভিচিডিচিৰ অন্তৰ্গত আঙাৰকাটা হাজংবস্তিত ২০ লাখ টকাৰে নিৰ্মিত এটি হাজংকৃষ্টি ভৱন মুকলি কৰে বিধায়ক ইমানুৱেল মছাহাৰীয়ে । এই উপলক্ষে অনুষ্ঠিত আৰু ২নং কুমাৰীকাটা ভিচিডিৰ অধ্যক্ষ সুজন পালে আঁতধৰা সভাত ভাষণ প্ৰসংগত তেওঁ কয় যে বিটিচিত পিছ পৰা জনগোষ্ঠী যাতে কোনো কাৰণতে ৰৈ নাযায় তাৰ প্ৰচেষ্টা লৈছে বিটিচি চৰকাৰে। তাৰ অংশ হিচাপে ২০ লাখ টকাৰে এই ভৱনটো হাজং জনগোষ্ঠীৰ বাবে নিৰ্মাণ কৰা হৈছে।

বিটিচিৰ উন্নয়নৰ পৰা কোনো জনগোষ্ঠীয়ে যাতে বঞ্চিত নহয় তাৰবাবে ব্যৱস্থা লোৱা হৈছে। তামুলপুৰৰ দৰঙ্গাত গোৰ্খাসকলৰ বাবে গোৰ্খা গেষ্ট হাউছ, নতুন হাউলীত বিষ্ণু ৰাভা হোল, কলিতা জনগোষ্ঠীৰ বাবে ৩০ টকীয়া গেষ্ট হাউছকে ধৰি অহা বৰ্ষত বৰ্মন কছাৰীসকলৰ বাবেও উন্নয়ণৰ চিন্তা কৰা হৈছে। জনগোষ্ঠীটোৰ উন্নয়ণৰ হকে তেওঁ সদায় বিপিএফৰ স'তে থাকিবলৈ ভাষণ প্ৰসংগত উনুকিয়াই দিয়ে।

তেওঁ আৰু কয় যে সমাগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থীৰ জয় নিশ্চিত । সেয়ে ৰাইজক বিপিএফৰ স'তে একেলগে থাকিবলৈ তেওঁ আহ্বান জনায়। দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীও ভাষণ প্ৰদান কৰা সভাখনত স্থানীয় বহু সংখ্যক পুৰুষ-মহিলাৰ লগতে তামুলপুৰ জিলা বিপিএফৰ উপ-সভাপতি মোহন বসুমতাৰী, দৰঙ্গাজুলি ব্লক বিপিএফৰ সম্পাদক কমল উজিৰ, তামুলপুৰ জিলা বিপিএফৰ সম্পাদক চানচুমা বসুমতাৰী, ২নং কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ সুজন পাল, ২নং পশ্চিম কুমাৰীকাটা শাখা বিপিএফৰ সভাপতি কালিপদ মণ্ডল, ভিচিডিচিৰ অধ্যক্ষ উৎপল পাঠক প্ৰমুখ্যে বিপিএফৰ অন্যান্য বহু সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

Your Comments