তামুলপুৰত মুখ্যমন্ত্ৰী, আবকাৰী মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

photo

ৰাজ্যত বিষাক্ত চুলাই সেৱনত শতাধিক লোকৰ মৃত্যু হোৱাত আবকাৰী মন্ত্ৰীৰ  পদত্যাগৰ দাবীত আজি বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তামুলপুৰৰ ৰঙিয়া- ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰণ চ’কত আবকাৰী মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি  দাহ কৰে ।সমিতিয়ে সমগ্ৰ অসমতে চুলাই সুৰা নিষিদ্ধ কৰাৰো দাবী জনায়। সুৰা বন্ধ কৰক, আবকাৰী মন্ত্ৰী মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জ্বলি থকা সময়তে প্ৰতিকৃতি দুটা কাঢ়ি লৈ যায় ৷

Your Comments