ছহিদ মনশ্বেৰ বসুমতাৰীৰ পৰিয়াললৈ নগাঁৱৰ এছআৰকে জুনিয়ৰ কলেজৰ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য

ছহিদ মনশ্বেৰ বসুমতাৰীৰ পৰিয়াললৈ নগাঁৱৰ এছআৰকে জুনিয়ৰ কলেজৰ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য

কাশ্মীৰৰ পুলুৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ  হেৰুওৱা বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীৰ চিআৰপিএফ জোৱান, বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ নগাঁও চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান এছ আৰ কে ছেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।

ছহিদ মনশ্বেৰ বসুমতাৰীৰ পৰিয়াললৈ নগাঁৱৰ এছআৰকে জুনিয়ৰ কলেজৰ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য

জি কলেজখনৰ অধ্যক্ষ জাকিৰ হুছেইন ভূঞা, পৰিচালনা সমিতি মুখ্য উপদেষ্টা তথা নিউজ ৭ অসম আৰু এইছ্ ডি এছ লাইভ ২৪ অসমৰ মুখ্য সম্পাদক কাছেম আহমেদ, সভাপতি মইনুল হক, শিক্ষক হাদি হাজৰিকা আৰু জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ উপ-সভাপতি তথা জ্যেষ্ঠ সাংবাদিক পলাশ ৰঞ্জন দাসসহ এটি সজাতী দলে তামুলপুৰৰ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ উক্ত ধনৰাশি প্ৰদান কৰে।

Your Comments