তামুলপুৰত দুৰ্ঘটনাত এজন নিহত

tamulpur_death_accident

তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১ নং উলুবাৰী গাঁৱৰ নিবাসী প্ৰয়াত কৰ্ণ ৰাভাৰ পুত্ৰ পৱিত্ৰ ৰাভা ওৰফে বাবু ৰাভা যোৱা ১৮ ফেব্ৰুৱাৰীৰ নিশা টংলা গোৰেশ্বৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত গৌৰিপুৰত এখন অচিনাকী বাহনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে।  

আহত বাবু ৰাভাক ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও আইচিইউৰ অভাৱত তেওঁক পুণৰ নাৰেংগী ৰোড গেড হস্পিতাললৈ লৈ অনা হয়।  

মূৰ আৰু সোঁ ভৰি-হাতত গুৰুতৰভাৱে আহত হোৱা পৱিত্ৰ ৰাভাৰ যোৱা নিশা মৃত্য ঘটে। মৃত্যৰ সময়ত তেওঁৰ পত্নীৰ সৈতে এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক ইহঁসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।

Your Comments