তামুলপুৰত ৩০ লাখটকীয়া কালভাৰ্ট-দলং মুকলি

তামুলপুৰত ৩০ লাখটকীয়া কালভাৰ্ট-দলং মুকলি

তামুলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত লক্ষীনাৰায়ণপুৰ-বিনোবাপুৰ সংযোগী পথত ২০ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বস্ক কালভাৰ্ট তিনিটা বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে। উক্ত অনুষ্ঠানত দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰী, বিশিষ্ট সমাজকৰ্মী ৰংজা খুংগুৰ বসুমতাৰী, কালিপদ মণ্ডল, তামুলপুৰ জিলা বিপিএফৰ উপ-সভাপতি মোহন বসুমতাৰী, দৰঙাজুলি ব্লক বিপিএফৰ সাধাৰণ সম্পাদক কমল উজীৰ, ২নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ সুজন পাল, দৰঙাজুলি যুৱ বিপিএফৰ সভাপতি জয়দেৱ অধিকাৰী প্ৰমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে। ইয়াৰ পিছতে নতুন হাউলী-নেপালীখুঁটি সংযোগী পথত ১০ লাখ টকা ব্যয়েৰে এমজি এনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰা এখন পকী দলং উদ্বোধন কৰে। দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে।

তামুলপুৰত ৩০ লাখটকীয়া কালভাৰ্ট-দলং মুকলি

তেওঁৰ লগত সহযোগ কৰে দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰী, তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰী, কনিষ্ঠ অভিযন্তা অৰ্পণা বড়ো, তামুলপুৰ জিলা বিপিএফৰ উপ-সভাপতি মোহন বসুমতাৰী, দৰঙাজুলি ব্লক বিপিএফৰ সাধাৰণ সম্পাদক কমল উজীৰে। অনুষ্ঠানত স্থানীয় ৰাইজৰ লগতে ৩নং ভিচিডিচিৰ অধ্যক্ষ ৰাজা নাৰ্জাৰী, অৱনী দাস, শুক্লেশ্বৰ ৰাভা, গোবিন্দ দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সুঁতিটোৰ ওপৰত দীৰ্ঘদিন ধৰি বাঁহেৰে নিৰ্মাণ কৰা দলঙেৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ অহা-যোৱা কৰিছিল। পকী দলংখন নিৰ্মাণ হোৱাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

Your Comments