কুমাৰীকাটা সাপ্তাহিক বজাৰৰ মাজত ৫০ লাখটকীয়া পথ মুকলি

কুমাৰীকাটা সাপ্তাহিক বজাৰৰ মাজত ৫০ লাখটকীয়া পথ মুকলি

তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা সাপ্তাহিক বজাৰখন লেখত ল'বলগীয়া বাণিজ্য কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ আঁচনি গ্ৰহণ কৰা হৈছে। তাৰবাবে চৌদিশ আৰু মাজতো উত্তৰ-দক্ষিণ আৰু পূব-পশ্চিমকৈ পথ, নলা নিৰ্মাণ কৰাৰো আঁচনি প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে বজাৰখনৰ উন্নয়নৰ বাবে সাময়িকভাৱে বজাৰখনৰ দক্ষিণ-পশ্চিম আৰু মাজভাগত ৫০ লাখ টকা ব্যয়সাপেক্ষে চি চি ব্লক ইটাৰে পদপথ নিৰ্মাণ কৰা হৈছে। আজি পুৱা প্ৰায় ১১.০০ বজাত ৫০ লাখ টকা ব্যয়সাপেক্ষে চি চি ব্লকেৰে নিৰ্মাণ কৰা পদপথকেইটা আনুষ্ঠানিকভাৱে মুকলি কৰে তামুলপুৰৰ বিধানসভা সমষ্টিৰ  বিধায়ক ইমানুৱেল মুছাহাৰীয়ে।

পদপথ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে কয় যে সকলোৰে বাবে বাণিজ্য কেন্দ্ৰস্বৰূপ সাপ্তাহিক বজাৰখনৰ বিভিন্ন অংশত স্থায়ীভাৱে দোকান ঘৰ নিৰ্মাণ কৰি বজাৰখনৰ লগতে পথসমূহো সংকুচিত কৰি পেলোৱা হৈছে। এই ক্ষেত্ৰত সকলোৰে প্ৰতি আহ্বান জনায় যাতে কোনোৱে সাপ্তাহিক বজাৰ এলেকাত কোনো ধৰণৰ স্থায়ী ঘৰ নিৰ্মাণ নকৰে। তাৰোপৰি কুমাৰীকাটা-জালাহ পথ আৰু ভূটানৰ চানদ্ৰুপ জংখাৰ সংযোগী ৰঙিয়া-ভূটান পথৰ দুয়ো কাষত কোনো ধৰণৰ স্থায়ী ঘৰ আদি নিৰ্মাণ নকৰে। ভাষণ প্ৰসংগত পুনৰ কয় যে পথছোৱা সম্প্ৰসাৰণৰ বাবে ইতিমধ্যে জোখ-মাপ কৰি আঁচনি গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত উচ্ছেদ কৰিবলগীয়া হ'লেও ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হ'ব পাৰে।

কুমাৰীকাটা সাপ্তাহিক বজাৰৰ মাজত ৫০ লাখটকীয়া পথ মুকলি

ইয়াৰ উপৰি বিধায়কগৰাকীয়ে বিগত সময়ছোৱাত হোৱা উন্নয়নৰ এক খতিয়ান দাঙি ধৰি উল্লেখ কৰে যে অতি সোনকালে তামুলপুৰ-গান্ধীবাৰী পথৰ বৰলীয়া নৈৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব আৰু  কুমাৰীকাটা-পাণবাৰী-পাকৰীবাৰী পথ, দক্ষিণ কুমাৰীকাটা-পাকৰীবাৰী পথ নিৰ্মাণ কৰাৰ উপৰি মটঙা নদীৰ বিভিন্ন স্থানত চাৰিখন দলং নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে। বিটিচিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰীয়েও তেওঁৰ ভাষণত উল্লেখ কৰে যে বিটিচি গঠনৰ পিছত সকলো ক্ষেত্ৰত সমভাৱে উন্নয়নমূলক কাম-কাজ কৰা হৈছে। সকলো শ্ৰেণীৰ লোকৰ সহযোগিতাৰ প্ৰয়োজন। উত্তৰাঞ্চলৰ উল্লেখনীয় কুমাৰীকাটা সাপ্তাহিক বজাৰখন সকলোৰে বাবে প্ৰধান বাণিজ্য কেন্দ্ৰস্বৰূপ।

গতিকে উন্নয়নৰ ক্ষেত্ৰত সকলোৰে দিহা-পৰামৰ্শ আৰু সহযোগিতাৰ প্ৰয়োজন। লগতে তেওঁ আৰু কয় যে ৰাজনৈতিক নেতাসকল সদায় নাথাকিবও পাৰে। কিন্তু ক্ষমতাত থকা সময়ত সকলো লোকৰ সহায়-সহযোগিতাত ভালদৰে উন্নয়নমূলক কাম-কাজ কৰি যাব পাৰিলে ভাল। উক্ত অনুষ্ঠানত প্ৰাক্তন এম চি এল এ বাসুদেৱ উপাধ্যায়, বিশিষ্ট সমাজকৰ্মী ৰংজা খুংগুৰ বসুমতাৰী, স্থানীয় যুৱ সমাজকৰ্মী ৰবেন বৰুৱা, প্ৰকাশ চৌধুৰী, তামুলপুৰ জিলা বিপিএফৰ উপ-সভাপতি মোহন বসুমতাৰী, দৰঙাজুলি ব্লক বিপিএফৰ সাধাৰণ সম্পাদক কমল উজীৰ, দৰঙাজুলি যুৱ বিপিএফৰ নেতা জয়দেৱ অধিকাৰী, ৪নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ উৎপল পাঠক প্ৰমুখ্যে ভালেসংখ্যক বিপিএফৰ স্থানীয় নেতা-কৰ্মী উপস্থিত থাকে।

Your Comments