তামুলপুৰত খোৱা পানী যোগান আঁচনি মুকলি 

btc_water supply_

তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ বগাজুলি অঞ্চলৰ ব্ৰহ্মপাৰা অঞ্চলত সজল ধাৰা আঁচনি অধীনত নিৰ্মাণ কৰা খোৱা পানী যোগান আঁচনিখন আজি শুভাৰম্ভ কৰে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাৰীয়ে।আঁচনিখন মুকলি কৰাৰ পিছতে অনুষ্ঠিত সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মছাহাৰীয়ে কয় যে পূৰ্বৰ তুলনাত বৰ্তমান তামুলপুৰ সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়নৰ কাম-কাজ দ্ৰুত গতিত কৰা হৈছে।

ৰাস্তা-ঘাট, বিজুলী যোগান, দুখীয়া লোকৰ গৃহ নিৰ্মাণ, বৃদ্ধ পেঞ্চন প্ৰদান আদি কাম কৰাৰ পিছতে প্ৰায়বোৰ অঞ্চলত খোৱা পানী যোগান আঁচনি নিৰ্মাণ কৰি পানী যোগান ধৰা হৈছে। আজি ৰাইজৰ বাবে মুকলি কৰি দিয়া এই পানী যোগান আঁচনি ব্ৰহ্মপাৰা অঞ্চলৰ ৰাইজৰ বহু দিনীয়া সমস্যা আতৰ হ'ব আৰু ৰাইজে বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হ'ব মন্তব্য কৰে। সভাত বিটিচিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীয়ে কয় যে বি টি চি গঠনৰ পিছত শাসনাধীস্থ বিপিএফ দলে সকলো ধৰণৰ উন্নয়ন মূলক কামসমূহ কৰিবলৈ সক্ষম হৈছে।

যিবোৰ কাম কৰিবলৈ বাকী আছে সেইবোৰো অতি সোনকালে কৰাৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। সকলো ক্ষেত্ৰতে ৰাইজৰ সহায় সহযোগিতা আশা কৰে বিটিচিৰ এমচিএলে ।

উক্ত  অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মছলপুৰ সংমণ্ডৰ কাৰ্যবাহী অভিযন্তা বি এম ৰয়, তামুলপুৰ উপ-সংমণ্ড বিষয়া সমীৰণ বৰুৱা, কনিষ্ঠ অভিযন্তা মনজেন বড়ো, তামুলপুৰ জিলা বিপিএফৰ উপ-সভাপতি মোহন বসুমতাৰী, দৰঙাজুলি ব্লক বিপিএফৰ সাধৰণ সম্পাদক কমল উজিৰ, ১নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ কৃষ্ণ মছাহাৰী, স্থানীয় ব্যক্তি প্ৰফুল্ল বসুমতাৰী প্ৰমুখ্যে স্থানীয় ৰাইজসকল উপস্থিত থাকে।

Your Comments