অগপ কাৰ্যালয়ৰ সন্মুখত বিজয় উৎসৱ পিছত চাফাই

agp_office_clean road

কেন্দ্ৰ চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰাজ্যসভাত থমকি ৰোৱা পাছত সমগ্ৰ ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে এক আৱতৰিয়া দীপাৱলী পৰিৱেশ। অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়টোত দেখিবলৈ পোৱা গৈছে আনন্দ-উল্লাহৰ দৃশ্য। অগপৰ নেতা-কর্মীসকলে ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰি পালন কৰিছে বিজয় উৎসৱ।

ইয়াৰ উপৰিও ফটকা-ফুটাই, মিঠাই খোৱোও পালন কৰিছে বিজয়ৰ উৎসৱ। এই কাৰ্যসূচীত উপস্থিত আছে দলটোৰ বহুত জ্যেষ্ঠ নেতা পবিন্দ ডেকা, মনোজ শইকীয়া প্ৰমুখ্যে দলৰ সতীৰ্থ কর্মীসকল। ইফালে ফটকা ফুটাই আনন্দ কৰাৰ পাছত দলটোৰ কর্মীসকলক দেখিবলৈ পোৱা গ'ল এক ব্যক্তিক্ৰম ৰূপত। হাতে হাতে ঝাড়ু লৈ নেতা কর্মীসকলে ফটকাই লেতেৰা কৰা ৰাজপথ চাফা কৰা দেখা গ'ল।

Your Comments