তেজ হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত ‘ভাৰত ৰত্ন’ প্ৰত্যাখ্যানৰ উল্লেখ নাই  : সমৰ হাজৰিকা

s hazarika_

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক কেন্দ্ৰীয় চৰকাৰে ভাৰতৰত্ন প্ৰদানৰ বাবে লোৱা সিদ্ধান্তই অসমবাসীক যিদৰে আহ্লাদিত কৰিছে, তদানুৰূপভাৱে আমাৰ পৰিয়ালবৰ্গকো আনন্দিত কৰিছে৷ কলা-সংস্কৃতিৰ লগতে ভাষা-সাহিত্যৰ জৰিয়তে ভূপেনদাই দেশ তথা বিদেশত অসমৰ স্বাভিমান বৃদ্ধি কৰিছিল৷

এগৰাকী ভাল অসমীয়া হৈও মহান ভাৰতীয় হিচাপে বিশ্ব নাগৰিকহৈ তেখেতে সমাজ জীৱনলৈ অমূল্য বৰঙণি যোগাই গৈছে৷ অসমৰ ঐতিহ্য, লোক-জীৱনৰ সমৃদ্ধশালী দিশসমূহ তেখেতে সুন্দৰ সৃষ্টিৰাজিৰ মাজেৰে জগত সভালৈ নি অসমবসীক গৌৰৱান্বিত কৰিছে৷ ভূপেন দাৰ সংগীতে ভাৰতীয় সংগীতক বিশ্ব পৰ্যায়ত শক্তিশালীভাৱে দাঙি ধৰি পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা-সংস্কৃতিক উজ্জ্বীৱিত কৰি তুলিছিল৷ 

পূৰ্বতে ভাৰত চৰকাৰে এইগৰাকী মহান শিল্পীক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ সন্মান, দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰাৰ উপৰি সংগীত নাটক একাডেমীৰ বঁটাৰেও সন্মান প্ৰদৰ্শন কৰিছিল৷ তদুপৰি ভূপেন দাই সংগীত নাটক একাডেমীৰ অধ্যক্ষৰ পদো অলংকিত কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা গণশিল্পীগৰাকীৰ প্ৰতি আগবঢ়োৱা প্ৰতিটো সন্মানে স্বাভাৱিকতে অসম আৰু অসমীয়াৰ স্বাভিমান আৰু মৰ্যাদা বৃদ্ধি কৰি আহিছে৷

অসম চৰকাৰেও সুধাকণ্ঠৰ স্মৃতি যাউতিযুগীয়া কৰি ৰখাৰ মানসৰে তেখেতৰ কলকাতাৰ টালিগঞ্জস্থিত বাসভৱন ক্ৰয় কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ দ্বাৰা গভীৰ দায়িত্ববোধৰ চানেকী দাঙি ধৰা আমাৰ পৰিলক্ষিত হৈছে৷
আনহাতে, গণশিল্পীগৰাকীক ‘ভাৰত ৰত্ন’ প্ৰদান কৰা সম্পৰ্কে সংবাদ মাধ্যম যোগে এক বিতৰ্কৰ সূত্ৰপাত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে৷ এই সংক্ৰান্তত আমি ক’ব বিচাৰো যে ভূপেন দাৰ পুত্ৰ তেজ হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এই সন্মান প্ৰত্যাখ্যান কৰা বুলি কোনো কথা উল্লেখ কৰা নাই৷ এই ক্ষেত্ৰত যিকোনো বিতৰ্ক নিতান্তই অনাৱশ্যক৷
 

Your Comments