৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিবাদত তামুলপুৰত জনজাতীয় সংগঠনসমূহৰ ১২ ঘণ্টীয়া অনশন

৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিবাদত তামুলপুৰত জনজাতীয় সংগঠনসমূহৰ ১২ ঘণ্টীয়া অনশন

অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰ তথা ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে তামুলপুৰ মহকুমাৰ জনজাতীয় সংগঠনসমূহে। আজি পুৱা তামুলপুৰ  মহকুমাস্থিত ঘগ্ৰাচ'কত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ তামুলপুৰ অঞ্চলৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ক সমিতিৰ উদ্যোগত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। তামুলপুৰ জিলা ট্ৰাইবেল সংঘ, তামুলপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থা, তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ, হাজং ছাত্ৰ সন্থা, মদাহী ছাত্ৰ সন্থা, শৰণীয়া ছাত্ৰ সন্থাকে আদি কৰি জনজাতীয় সংগঠনসমূহৰ দুই শতাধিক নেতা-কৰ্মী উপস্থিত থাকে।

অনশন কাৰ্যসূচীত তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সভাপতি ৰন্দিচৰণ বড়ো, সম্পাদক পবিত্ৰ নাৰ্জাৰী, তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ উপ-সভাপতি হৰেন্দ্ৰনাথ বড়ো, সমাজকৰ্মী চিনাকান্ত বসুমতাৰী, তামুলপুৰ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি চবিন ৰাভা, তামুলপুৰ জিলা ইউ পি পি এলৰ সম্পাদক পবিন বড়ো, বাক্সা জিলা বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সভাপতি বিনয় বৰ্মন আৰু বিভিন্ন জনজাতি-জনগোষ্ঠীয় সংগঠনসমুহৰ নেতৃবৃন্দই বক্তব্য প্ৰদান কৰে।

Your Comments