চাংসাৰিত এইম্‌ছৰ ভূমি পূজন সম্পন্ন : প্ৰধান মন্ত্ৰীয়ে উদ্বোধন-আধাৰশিলা স্থাপন কৰে বহুকেইটা প্ৰকল্পৰ

চাংসাৰিত এইম্‌ছৰ ভূমি পূজন সম্পন্ন : প্ৰধান মন্ত্ৰীয়ে উদ্বোধন-আধাৰশিলা স্থাপন কৰে বহুকেইটা প্ৰকল্পৰ

আজি চাংসাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত এইম্‌ছৰ ভূমি পূজন কাৰ্যসূচী সম্পন্ন হয়৷ লগতে প্ৰধান মন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে নৰ্থ-ইষ্ট গেছ গ্ৰীড, গুৱাহাটী-উত্তৰ গুৱাহাটী ৬ লে'নযুক্ত দলং, চিটী গেছ ডিষ্ট্ৰিবিউচন নেটৱৰ্ককে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ আনহাতে, তিনিচুকীয়াৰ হলং মডুলাৰ গেছ প্ৰ'চেছিং প্লাণ্ট, গুৱাহাটী-বাৰাউনী গেছ পাইপ লাইন উদ্বোধন কৰে৷ সমবেত জনতাক অসমীয়াতে সম্বোধন কৰি প্ৰধান মন্ত্ৰীয়ে প্ৰথমতে শংকৰদেৱ, মাধৱদেৱ, আজান ফকিৰ, চুকাফাৰ অৱদানক স্মৰণ কৰে৷

ভাষণ প্ৰসংগত প্ৰধান মন্ত্ৰী মোডীয়ে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ ৰক্ষা কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে৷ অসম চুক্তিক পূৰ্ণ প্ৰাধান্য দিয়া হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰি খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাত চৰকাৰ বদ্ধপৰিকৰ বুলি মোডীয়ে উল্লেখ কৰে৷ সম্প্ৰতি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এটা পক্ষই জনতাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে বুলি প্ৰধান মন্ত্ৰীয়ে অভিযোগ কৰে৷ অসমক অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনৰ পৰা সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰধান মন্ত্ৰীয়ে উল্লেখ কৰে৷

অৱশ্যে অনুপ্ৰৱেশকাৰী আৰু নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ আশ্ৰয় বিচাৰি অহাসকলৰ মাজত পাৰ্থক্য বুজিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷ আজিৰ জনসভাতে প্ৰধান মন্ত্ৰী মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ পক্ষত স্পষ্ট অৱস্থান গ্ৰহণ কৰে৷ বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাৰ সন্দৰ্ভতো স্পষ্ট ইংগিত প্ৰদান কৰিলে প্ৰধান মন্ত্ৰীয়ে৷ লগতে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় বিধেয়ক ৰাজ্যসভাত গৃহীত কৰাৰ প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈছে বুলি প্ৰধান মন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷

Your Comments