তামুলপুৰত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

 তামুলপুৰত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল দাবীত ১২৭ (ডি) ৰঙিয়া-ভূটান পথত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, প্ৰধান মন্ত্ৰী হুঁচিয়াৰ, সৰ্বানন্দ সৰ্বনাশ, মুখ্য মন্ত্ৰী হুঁচিয়াৰ আদি ধ্বনিৰে উত্তাল কৰি তোলে তামুলপুৰ ঘগ্ৰাচক।

 তামুলপুৰত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

প্ৰতিলিপি দাহ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ডুলুজিৎ দাস,  তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দমন পাটোৱাৰী, সম্পাদক অনুপ কলিতাসহ ছাত্ৰ নেতাসকল উপস্থিত থাকে।

 তামুলপুৰত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

ইপিনে কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে।
 

Your Comments