অৰুণাচলৰ পৰা চাংসাৰিলৈ প্ৰধান মন্ত্ৰী মোডী : চাংসাৰিত কৰিব এইম্‌ছৰ ভূমি পূজন

অৰুণাচলৰ পৰা বৰঝাৰলৈ প্ৰধান মন্ত্ৰী মোডী : চাংসাৰিত কৰিব এইম্‌ছৰ ভূমি পূজন

অৰুণাচলৰ ইটানগৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ পিছত দুপৰীয়া ১২.৩০ বজাত চাংসাৰিত উপস্থিত হ'বহি প্ৰধান মন্ত্ৰী মোডী৷ সেনাবাহিনীৰ বিশেষ বিমানেৰে চাংসাৰিৰ এইমছ্‌ৰ ভূমি পূজনস্থলীত উপস্থিত হ'ব প্ৰধান মন্ত্ৰী৷ উক্ত স্থানতে প্ৰধান মন্ত্ৰীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৬ লে'নযুক্ত ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং, নৰ্থ-ইষ্ট গেছ গ্ৰীড, চিটী গেছ নেটৱৰ্কৰ আধাৰশিলা স্থাপন কৰিব৷ আনহাতে, উক্ত স্থানতে গুৱাহাটী-বাৰাউনী গেছ পাইপ লাইন উদ্বোধন কৰিব৷ উল্লেখ্য যে প্ৰধান মন্ত্ৰীয়ে আজি মুঠ ৩৯ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ সম্প্ৰতি এইম্‌ছৰ ভূমি পূজন উপলক্ষে আয়োজিত জনসভালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনতাৰ আগমন ঘটিছে৷ বিজেপিৰ নেতৃবৰ্গই দাবী কৰি যে তিনি লক্ষাধিক লোক এই জনসভাত সমবেত হ'ব৷

Your Comments