শিৱসাগৰত আছুৱে জ্বলালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি

শিৱসাগৰত আছুৱে জ্বলালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোঁহাই

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো আজি আছুৱে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰতিলিপি দাহ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ আঞ্চলিকে দিনৰ ১ বজাত নগৰৰ এ এছ টি চি তিনিআলিত জাতিধ্বংসী বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে। 

আছুৰ শতাধিক কৰ্মীৰ উপস্থিতিত এ এছ টি ছি তিনিলিত চৰকাৰবিৰোধী উত্তাল শ্লোগানেৰে বিধেয়কৰ প্ৰতিলিপি দাহ কৰে। বিজেপি গ'-বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ কাম নাই আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। 

শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানৱজ্যোতি কলিতাই কয় যে ছাত্ৰ সন্থাই কোনে কাৰণতে জাতিদ্ৰোহী এই বিধেয়ক নামানে৷ এই বিধেয়কৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিবলৈ লৈছে৷ অসমৰ ভাষা-সংস্কৃতি নিশেষ কৰিবলৈ ওলোৱা কথা সময় থাকোঁতেই অসম চৰকাৰে বুজি পোৱা উচিত। অন্যথা সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিব। 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকন, শিৱসাগৰ আঞ্চলিকৰ সম্পাদক দিপাংকৰ শইকীয়াৰ লগতে বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকে।

Your Comments