বৰপেটাৰোডত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী সমদল

বৰপেটাৰোডত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী সমদল

বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম বিজেপিৰ সভাপতি ৰনজিৎ দাসৰ গৃহ চহৰ বৰপেটাৰোডত আজি এটি বিশাল গণ সমদল উলিয়ায়। নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী মঞ্চৰ উদ্যোগত উলিওৱা সমদলত অংশগ্ৰহণ কৰে আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অগপ, চিপিআইএম, বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি, জ্যেষ্ঠ নাগৰিক সন্থা, সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতি আৰু বৰপেটাৰোডৰ দাঁতিকাষৰীয়া অঞ্চলৰ ভালেসংখ্যক ৰাইজে বিভিন্ন বেনাৰ, ফেষ্টুন লৈ বৰপেটাৰোড চহৰ কঁপাই তোলে।

বৰপেটাৰোডত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী সমদল

বিজেপি মুৰ্দাবাদ, ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, জয় আই অসম আদি বিভিন্ন শ্লোগানেৰে সমদলটো গৈ বৰপেটাৰোড সাহিত্য সভা ভৱনত  এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷

বৰপেটাৰোডত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী সমদল

সভাত সমূহ অসমবাসীকে এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰাৰ লগতে অসম আৰু অসমৰ খিলঞ্জীয়াক বিশ্বাসঘাতক কৰা দলক ৰাজনৈতিকভাৱে উৎখাত কৰিবলৈও জনগণক আহ্বান জনায়।

Your Comments