গান্ধীবাৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণি : বৰ্ণিল শোভাযাত্ৰাই মুহিলে ৰাইজক

গান্ধীবাৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণি : বৰ্ণিল শোভাযাত্ৰাই মুহিলে ৰাইজক

শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা প্ৰচলিত শংকৰদেৱ শিশু নিকেতন, গান্ধীবাৰীৰ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তীৰ আজি তৃতীয়দিনা তথা অন্তিমদিনা পুৱাৰ ভাগত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। পুৱা ৯.০০ বজাত শংকৰদেৱ শিশু নিকেতন, গান্ধীবাৰীৰ পদূলিমুখত শোভাযাত্ৰা মুকলি কৰে আৰক্ষী বিষয়া ৰাজেন বড়োৱে। শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচাৰ্যা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বিশিষ্ট ব্যক্তিসকলৰ উপৰি বিহু, বড়ো, ৰাভা, শৰণীয়া কছাৰী, হাজং, শংকৰী কলাকৃষ্টি, চাওতালৰ উপৰি বিভিন্ন লোককৃষ্টিসমূহ প্ৰদৰ্শন কৰা হয়।

ভিন্ন কৃষ্টি-সংস্কৃতিৰে বৰ্ণিল আৰু ৰঙীন হৈ পৰে গান্ধীবাৰীৰ ৰাজপথ। শোভাযাত্ৰাত দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। হাতে হাতে মাতৃভাষা শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উক্তি লিখা বেনাৰ, পোষ্টাৰ আদি লৈ ছাত্র-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই বৃহত্তৰ গান্ধীবাৰী অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰে। দিনৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা। ৰূপালী জয়ন্তী উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক মনেশ্বৰ কলিতাই আঁতধৰা মুকলি সভাখনত সভাপতিত্ব কৰে উদ্‌যাপন সমিতিৰ কাৰ্যকাৰী সভাপতি গিৰীশ চন্দ্ৰ দাসে।

বন্তি প্ৰজ্বলন কৰে কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গোপদেৱ ভড়ালীয়ে। উক্ত সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত শিশু শিক্ষা সমিতি, অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে বিদ্যা ভাৰতী আৰু শিশু শিক্ষা সমিতি, অসমৰ লক্ষ্য, উদ্দেশ্য আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্যৰ অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মুকুল চক্ৰৱৰ্তীয়ে এক তত্ত্বগধূৰ ভাষণ আগবঢ়ায়।

সভাত নলবাৰী জিলাৰ বিভাগ নিৰীক্ষক অখিল শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, নিকেতনৰ প্ৰধান আচাৰ্য গোপাল চন্দ্ৰ বৈশ্য, নিকেতন পৰিচালনা সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ কলিতা, সম্পাদক কুমুদ কাকতি আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত সভাতেই স্মৃতিগ্ৰন্থ উন্মোচন কৰে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাই। উল্লেখ যে যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শংকৰদেৱ শিশু নিকেতন গান্ধীবাৰীৰ ৰূপালী জয়ন্তীৰ আজি ৰূপালী সন্ধিয়াৰ পিছতে সামৰণি পৰিব।

Your Comments