ওৰাঙৰ পৰা নয়নজ্যোতি ডেকা
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিগত নিৰ্বাচনত প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনৰ বাঘজৰী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতাৰণাৰ প্ৰতি বিভিন্ন দল-সংগঠন সৰৱ হৈ উঠা পৰিলক্ষিত হৈ উঠিছে৷ ইয়াৰ সমান্তৰালভাৱে আদিবাসী জনতাই আজি ওৰাঙত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আদিবাসী ঐক্য শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি ন' এছ টি ন' ভোট শ্লোগানেৰে বিজেপি দললৈ হুংকাৰ প্ৰদান কৰে।
আদিবাসীসকলক বিভাজন নকৰি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদানৰ বাবে দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। সহস্ৰাধিক আদিবাসী জনতাই ওৰাঙৰ ৰাজপথত তিনি কিলোমিটাৰ দীঘল মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে দুঘণ্টাৰ বাবে। ওৰাং আৰু মাজবাট আঞ্চলিক আছাৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।
- Log in to post comments
- 77 views