কাকৈজানা-কদমতলা প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ উদযাপনৰ প্ৰস্তুতি

3

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত ২৯২ নং কাকৈজানা-কদমতলা প্ৰাথমিক বিদ্যালয়ে পঞ্চাশ বছৰ পূৰ্ণ কৰা উপলক্ষে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱ উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ৷ অহা ১৫, ১৬ আৰু ১৭ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সোণালী জয়ন্তী উৎসৱ উদযাপনৰ বাবে ইতিমধ্যে অঞ্চলটোৰ ৰাইজে দিন ধাৰ্য কৰি প্ৰস্তুতি পৰ্ব আগুৱাই লৈ গৈছে ৷

ইতিমধ্যে এই অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক মাহেন চন্দ্ৰ বৰ্মনক সভাপতি, সমাজকৰ্মী ফণীন্দ্ৰ সিংহক কাৰ্যকৰী সভাপতি আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক পূৰণ চন্দ্ৰ ৰায় আৰু সমাজকৰ্মী তথা শিক্ষক শৰৎ চন্দ্ৰ ৰাভাক যুটীযা সম্পাদক হিচাপে লৈ এখন সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতি গঠন কৰা হৈছে ৷ লগতে কাকৈজানা শাখা সাহিত্য সভাৰ সভাপতি হেমেন সিংহক সভাপতি আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য কামাখ্যা প্ৰসাদ ৰায়ক সম্পাদক হিচাপে লৈ এখন স্মৃতিগ্ৰন্থ উপ-সমিতিও গঠন কৰা হয় ৷

সেয়ে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক স্মৃতিগ্ৰন্থলৈ লেখা পঠিওৱাৰ লগতে অন্যান্য দিশতো সহায়-সহযোগ কৰিবলৈ উদযাপন সমিতিয়ে আহ্বান জনাইছে৷

Your Comments