ছুৱাপাতা প্ৰধান শিক্ষক আব্দুল বাৰেক মিঞাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ

ে

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ছুৱাপাতা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল বাৰিক মিঞা বহুদিনৰ পৰা কৰি অহা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱহৈ পৰিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী লগত পৰিচালনা সমিতিৰ সভাপতি । প্ৰাপ্ত বাতৰি মতে বিগত কেইমাহমানৰ পৰা বিদ্যালয়ত অনিয়মিতভাৱে উপস্থিত থকাৰ লগতে মধ্যাহ্ন ভোজনৰ কেলেংকাৰীৰ তথ্য সদৰী কৰিলে ছাত্ৰ-ছাত্ৰীসমূহে ।

বহুদিনৰ পৰা বিভিন্ন অভিযোগ উঠিছিল যদিও এই ক্ষেত্ৰত বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । প্ৰধান শিক্ষকৰ নামত কোনো শ্ৰেণী লোৱা নাছিল৷ ৪৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৯ জন শিক্ষক নিয়োগ হৈ আছে৷ মাহৰ মূৰত এবাৰ বা দুবাৰ মধ্যাহ্ন ভোজন দিয়ে বুলি অভিযোগ তুলিলে ছাত্ৰ-ছাত্ৰীয়ে। অতি সোনকালে প্ৰধান শিক্ষকৰ বদলিৰ দাবী উত্থাপন কৰিছে পৰিচালনা সমিতিৰ সভাপতিৰ লগতে সমূহ ছাত্ৰ-ছাত্ৰী । 

Your Comments