তামুলপুৰ মহকুমা সদৰত ই-ষ্টাম্প বিক্ৰী কেন্দ্ৰ মুকলি 

2

তথ্য আৰু প্ৰযুক্তি বিভাগৰ অধীনত বাক্সা  জিলা কমন চাৰ্ভিচেছ চেন্টাৰৰ সহযোগত আজি তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচকত জনসাধাৰণৰ সুবিধাৰ্থে ই-ষ্টাম্প বিক্ৰী কেন্দ্ৰ এটা মুকলি কৰা হয় ৷ আজি পুৱা ১০ বজাত জনসাধাৰণৰ চৰকাৰী-বেচৰকাৰী কাম-কাজ সহজে উপলব্ধ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰা ই-ষ্টাম্প বিক্ৰী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিৎ বাগলাৰীয়ে ৷

মহকুমাধিপতিগৰাকীয়ে কেন্দ্ৰটো মুকলি কৰি কয় যে এই কেন্দ্ৰটোৰ পৰা যাতে সাধাৰণ জনতাই সহজে কাম-কাজসমূহৰ সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতি কেন্দ্ৰটোৰ পৰিচালকসকলক আহ্বান জনায় ৷ লগতে কেন্দ্ৰটোৰ জৰিয়তে কাম-কাজ কৰোতে জনসাধাৰণে কোনো অহেতুক হাৰশাস্তি খাব নালাগে তাৰ প্ৰতিও চকু দিবলৈ আহ্বান জনায় ৷

এখন সাধাৰণ দলিলৰ পৰা আৰম্ভ কৰি ই-ষ্টাম্প বিক্ৰী কেন্দ্ৰটোৱে জনসাধাৰণৰ সেৱাত সকলো ধৰণৰ কাম-কাজ সহজে লাভ কৰিব বুলিও আশা প্ৰকাশ কৰিছে মহকুমাধিপতিগৰাকীয়ে ৷ আজিৰ এই কেন্দ্ৰটো মুকলি অনুষ্ঠানত বাক্সা জিলা কমন চাৰ্ভিচেছ চেন্টাৰৰ জিলা পৰিচালক  জন বান্দো, বনজিৎ ভূঞা, কনচাল্টটেন্ট বিষয়া মনিমছ কেৰকটা, বাক্সা  জিলৰ উকিল সন্থাৰ সভাপতি নৰকান্ত দাস ৷

উপ-সভাপতি সত্যনাথ কলিতা, সহঃ সম্পাদক ৰীতামনি দাস ৷ অধিবক্তা ওমৰ এ চৌধুৰী ই-ষ্টাম্প কেন্দ্ৰটোৰ পৰিচালক চৈগৗমচাৰ বসুমতাৰী, স্থানীয় যুৱক অনিল বড়ো, অংশুমৈ দৈমাৰী স্থানীয় ব্যৱসায়ী বিশিষ্ট নাগৰিকসকল উপস্থিত আছিল৷

Your Comments