নগৰবেৰাৰ পৰা আব্দুল ৰছিদ
বৰপেটা আৰু কামৰূপ জিলাৰ বিভিন্ন স্থানত চলিছে সুলভ মূল্যৰ চাউলৰ ৰমৰমীয়া ব্যৱসায়। এবাৰ দুবাৰ নহয়, আৰক্ষীৰ অভিযানত বহুবাৰ উন্মোচিত হৈছে এই চোৰাং কাৰবাৰৰ কাহিনী। কিন্তু নিশ্চুপ যোগান বিভাগ। বুধবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষীয়ে মৰিচাকান্ধি পাৰঘাটত অভিযান চলাই জব্দ কৰে ৩৬ বস্তা সুলভ মূল্যৰ চাউল। সোণতলী সমবায় সমিতিৰ এজেণ্ট নুৰুল ইছলামে বিক্ৰীৰ বাবে নিছিল চাউলখিনি।
দুখন ঘোঁৰাগাড়ীৰে নিছিল সুলভ মূল্যৰ চাউলখিনি। আৰক্ষীয়ে আটক কৰে আমজাদ আলী আৰু ছহিদুল ইছলাম নামৰ ঘোঁৰাগাড়ী চালকক। কামৰূপ আৰু বৰপেটা জিলাৰ কে'বাটাও সমবায় সমিতিৰ শ শ কুইণ্টল সুলভ মূল্যৰ চাউল বিক্ৰী কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।
ব্ৰক্ষ্মপুত্ৰৰে প্ৰায় নিতৌ কামৰূপ জিলাৰ বিভিন্ন বজাৰ তথা গোৱালপাৰালৈ নিয়া হয় শ শ কুইণ্টল চাউল। অৱশ্যে এনে চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে হাত উজান দিয়াৰ অভিযোগ ৰাইজৰ। অভিযোগ মতে, যোগান বিভাগ আৰু আৰক্ষী প্ৰশাসন মেনেজ। সুলভ মূল্যৰ চাউলৰ এনে ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ সাহস হ'বনে প্ৰশাসনৰ?
- Log in to post comments
- 4 views