তামুলপুৰত পথ সুৰক্ষা সজাগতা সভা : পথ সুৰক্ষা জীৱন ৰক্ষা

তামুলপুৰত পথ সুৰক্ষা সজাগতা সভা : পথ সুৰক্ষা জীৱন ৰক্ষা

৩০সংখ্যক পথ সুৰক্ষা সপ্তাহ আজি বাক্সা জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত আৰু তামুলপুৰ টেম্পো সন্থাৰ সহযোগত অনুষ্ঠিত হয়। উক্ত পথ সুৰক্ষা সজাগতা সভাত বাক্সা জিলা পৰিবহণ বিষয়া মুনীন কুমাৰ দাসে ভাষণত কয় যে গাড়ী চলাওঁতে সদায় সাৱধানতা অৱলম্বন কৰি গাড়ী চলাব লাগে, মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলাব নালাগে, ৰাতি গাড়ী চলালে ডীপাৰ লাইট ব্যৱহাৰ কৰিব লাগে। বাইক চলাওঁতে সদায় হেলমেট ব্যৱহাৰ কৰি চলাব লাগে, তেতিয়া দুৰ্ঘটনাৰ সময়ত নিজক বচাব পৰা যায়। গাড়ীৰ অনুজ্ঞাপত্ৰ আৰু বীমা নৱীকৰণ হৈ আছেনে নাই তাক চাব লাগে, যিবিলাক বাণিজ্যিক গাড়ী আছে তাৰ অনুজ্ঞাপত্ৰ আছেনে নাই সেই সকলোবোৰ নজৰ দিব লাগে। চৰকাৰী নিয়ম অমান্য কৰিলে হয়তো জে'ললৈ যাবলগা হ'ব পাৰে। 
উক্ত সভাত মটৰ পৰিবহণ পৰিদৰ্শক ক্ষীৰোদ দাসেও ভাষণ ৰাখে। অনুষ্ঠানত কাৰ্যবাহী দণ্ডাধীশ হৃদয় কুমাৰ দাস, পৰিদৰ্শক ৰঞ্জিত দাস আৰু অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত বাটৰ নাট পৰিবেশন কৰা হয়।

Your Comments