তামুলপুৰত চাৰিখন আঁচনিৰ আধাৰশিলা স্থাপন

তামুলপুৰত চাৰিখন আঁচনিৰ আধাৰশিলা স্থাপন

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন অন্যতম ৰাজনৈতিক দল বিপিএফ দল ৰাইজৰ দল৷ ৰাইজৰ উন্নয়নেই এই দলটোৰ প্ৰধান লক্ষ্য৷ ৰাইজৰ সুখ-দুখৰ সমভাগী হৈ সদায় দলৰ নেতা-কৰ্মীসকলে ৰাইজৰ হৈ কাম কৰি আহিছে, ভবিষ্যতেও দলটোৱে ৰাইজৰ লগত থাকি বিটিচিৰ সকলো প্ৰকাৰৰ উন্নয়নত হাত উজান দি যাব৷ আনকি ৰাইজৰ উন্নয়নেই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰধান লক্ষ্য৷ আজি পুৱা ১০ বজাত তামুলপুৰ মহকুমাৰ অন্তৰ্গত বিটিচিৰ গয়বাৰী (তামুলপুৰ) পৰিষদীয় সমষ্টিৰ কলিয়াপুৰত পঞ্চম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ দ্বাৰা আৱণ্টিত ধনেৰে বিটিচিৰ সহযোগত ২৫ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কলিয়াপুৰ প্ৰাথমিক বিদ্যালয়ৰ এটি ভৱনৰ আধাৰশিলা স্থাপন কৰি এনেদৰে বক্তব্য আগবঢ়ায় বিটিচিৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য দেবেন বড়োৱে৷

তেওঁ পুনৰ কয় যে বিটিচিত এতিয়া উন্নয়নে এক গতি লাভ কৰিছে৷ আজি একেই আঁচনিৰ অধীনত গয়বাৰী পৰিষদীয় সমষ্টিত চাৰিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়৷ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত তামুলপুৰত ৰাস্তা-ঘাট, বিদ্যালয়, খোৱাপানী যোগান আঁচনিৰ কাম চলি আছে৷ তামুলপুৰত স্থানীয় বিধায়ক ইমানুৱেল মছাহাৰীয়ে বিভিন্ন বিভাগৰ জৰিয়তে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা বিটিচিৰ বিশেষ পেকেজ, জনজাতীয় উন্নয়ন দপ্তৰৰ আৱণ্টিন ধনেৰে প্ৰায় ২০০ কিলোমিটাৰ পথ নিৰ্মাণ, খোৱাপানী যোগান আঁচনি, পকী দলং নিৰ্মাণৰ কাম চলি আছে৷

তামুলপুৰত চাৰিখন আঁচনিৰ আধাৰশিলা স্থাপন

তাৰোপৰি বিভিন্ন আঁচনিৰ বিভিন্ন বিভাগত ৰাইজৰ স্বাৰ্থত কাম কৰি থকা হৈছে৷ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মদন বড়ো, শিক্ষক-অভিভাৱকসকল উপস্থিত থকাৰ লগতে তামুলপুৰ ব্লক বিপিএফৰ নেতা ক্ৰমে যোগেন হাজৰিকা, সুভাষ বসুমতাৰী, অভিজিৎ দাস দেউৰী, ধীৰেন বৈশ্য, লেবেন বড়োৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে৷

পিছত দলংপাৰত তামুলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫নং ভিচিডিচিৰ এটি কাৰ্যালয় ভৱনৰ উপৰোক্ত আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰাৰ সমান্তৰালভাৱে আজি নাগ্ৰিজুলী উন্নয়ন খণ্ডৰ অধীনত নিজ-ডেফেলী ভিচিডিচিৰ কাৰ্যালয় ভৱন আৰু দৈমালু প্ৰাথমিক বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ এই তিনিওখন আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত স্থানীয় ৰাইজ, ভিচিডিচিৰ অধ্যক্ষ ক্ৰমে অণিমা শৰণীয়া, অনিল নাৰ্জাৰীসহ স্থানীয় গাঁওবাসী উপস্থিত থাকে৷

Your Comments