তামুলপুৰত "সমন্বিত জৈৱিক নিয়ন্ত্ৰণ" শীৰ্ষক প্ৰশিক্ষন শিবিৰৰ সামৰণি

w

ভাৰতীয় কৃষি অনুসন্ধান সংস্থাৰ অধীনত সৰ্বভাৰতীয় সমন্বিত জৈৱিক নিয়ন্ত্ৰণ অনুসন্ধান প্ৰকল্পৰ দ্বাৰা  জনজাতীয় উপ-যোজনাৰ পৃষ্ঠপোষকতাত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত তামুলপুৰ মহকুমাৰ খাটপাৰাত "সমন্বিত জৈৱিক নিয়ন্ত্ৰণ" শীৰ্ষক প্ৰশিক্ষণ শিবিৰ এটি অনুষ্ঠিত হৈ যায় ৷

খাটপাৰা গাঁৱৰ থুলুংগা পথাৰ পৰিচালনা সমিতিৰ সভাপতি মনোজ বড়োৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কৃষক প্ৰশিক্ষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ তত্ত্ব বিভাগৰ মুখ্য কৃষি বিঞ্জানী ডঃ দিলীপ কুমাৰ শইকীয়া,  বিঞ্জানী ৰুদ্ৰ নাৰায়ণ বৰকাকতি,  বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী সুনীল ভট্টাচাৰ্য উপস্থিত থাকি কৃষকসকলে খেতিপথাৰত জৈৱিক কৃষি পদ্ধতি,  জৈৱিক কীট নাশকৰ ব্যৱহাৰ, শস্য পথাৰত কীট-পতংগৰ অনুসন্ধান আৰু ৰোগ নিয়ন্ত্ৰণ কৰা,  কেনেকৈ ইয়াক প্ৰতিৰোধ কৰিব পাৰি তাৰ ওপৰত বহলাই কয় ৷

আনহাতে কৃষকসকলে নিম গছৰ পৰা কেনেকৈ জৈৱিক কীট নাশক তৈয়াৰ কৰি কেনেকৈ শস্যত জৈৱিকভাৱে কীট-পতংগনাশক হিচাপে ব্যবহাৰ কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ দিয়ে ৷ খাটপাৰা গাঁৱৰ কৃষকসকলেও বেঙেনা,  জিকা, ভোল আদি শস্যৰ কীট, পতংগ আৰু বিভিন্ন ৰোগ সম্পৰ্কত পোৱা সমস্যাসমূহৰ বিষয়ে কোৱাত কৃষি বিজ্ঞানীসকলে ইয়াৰ নিৰুপায় সম্পৰ্কত বহলাই কয় ৷ আনকি কৃষকসকলে বীজ শোধন সম্পৰ্কতো প্ৰশিক্ষণ দিয়ে আজিৰ প্ৰশিক্ষণত খাটপাৰা গাঁৱৰ শতাধিক কৃষক উপস্থিত থাকি জৈৱিক কৃষি পদ্ধতি আৰু জৈৱিক কীট নিয়ন্ত্ৰণ সম্পৰ্কত প্ৰশিক্ষণ লাভ কৰে ৷

শিবিৰৰ অন্তত ৫০ গৰাকী কৃষকসকলৰ মাজত স্প্ৰে মেচিন আৰু জৈৱিক কীটনাশকৰ সামগ্ৰীও বিতৰণ কৰে । ইপিনে কালি ৫ ফেব্ৰুৱাৰীত কচুকাটাতো আন এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ লগতে ৫০ গৰাকী কৃষকৰ মাজত স্প্ৰে মেচিন আৰু জৈৱিক কীটনাশক সামগ্ৰী বিতৰণ কৰা হয় ৷

Your Comments