এ বি এমছুৰ পঞ্চম দ্বি-বাৰ্ষিক দ্বাৰকুছি আঞ্চলিক অধিবেশনৰ সফল সামৰণি

a

বিটিএডি অঞ্চলত বসবাস কৰি থকা ধৰ্মীয় সংখ্যালঘু লোকসকল বিটিচি গঠনৰ আগৰে পৰাই লাঞ্ছিত-বাঞ্ছিত হৈ আহিছে। বিটিএবি গঠনৰ পিছত ধৰ্মীয় সংখ্যালঘু সমাজৰ উন্নয়ন হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ধৰ্মীয় সংখ্যালঘু সমাজৰ উন্নয়নৰ বাবে তিলমানো গুৰুত্ব নিদিলে। কুটিল ৰাজনীতিৰ বলি হ’ব লগা হৈছে ধৰ্মীয় সংখ্যালঘু সমাজ-এই ভাষ্য তামুলপুৰ জিলা এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ। দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে আজি অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰি ছাত্ৰ নেতাজনে এই বক্তব্য আগবঢ়ায়।

ভাষণ প্ৰসঙ্গত তেওঁ কয় যে  ধৰ্মীয় সংখ্যালঘু সমাজৰ ন্যায়,  নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ২০০৫ চনত এবিএমছু জন্ম দিয়া হৈছিল। জন্মলগ্নৰে পৰা বিটিএডিত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে।  কিন্তু এবিএমছুৰ গনতান্ত্ৰিক সংগ্ৰামখনক স্তব্ধ কৰি দিয়াৰ বাবে চৰকাৰী ষড়যন্ত্ৰ চলিছে,  একাংশই ৰাজনৈতিক অভিসন্ধি ৰচিছে।

লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ অদ্যাপি বিচাৰ নোহোৱা বুলি আক্ষেপ কৰি এইখন চৰকাৰৰ হাতত ধৰ্মীয় সংখ্যালঘু সমাজ কিমান সুৰক্ষিত বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । ভাষণত তেওঁ পুনৰ কয় যে অসমত অইন জাতি-জনগোষ্ঠী সম্প্ৰদায়ৰ যিমান অধিকাৰ আছে ধৰ্মী সংখ্যালঘুসকলৰো সিমানে অধিকাৰ আছে। এই অধিকাৰ দিয়াত চৰকাৰে যদি কৃপনালি কৰে তেন্তে সেই অধিকাৰ কাঢ়ি আনিবলৈ প্ৰস্তুত বুলি তেওঁ হুংকাৰ দিয়ে।

2

দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ সভাপতি আক্কেল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° দিলীপ বৰাই কয় যে সাম্প্ৰতিক সময়ত ভাৰতত হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰি একাংশই ৰাজনৈতিক মুনফা লাভৰ চেষ্টা চলায় আছে। ইয়াৰ বিৰুদ্ধে সকলোৱে এক গোট হোৱাৰ প্ৰযোজন আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে। দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ সাধাৰণ সম্পাদক বদৰুদ্দিন খানে আতধৰা সভাখনত চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডঃ  হাফিজ আহমেদে কয় যে নাগৰিকত্বৰ নামত ধৰ্মীয় সংখ্যালঘুসকলক সদায় টুপি পিন্ধাই থকা হৈছে। সম্প্ৰতি অসমীয়া জাতিটোৰ সন্মুখত বিপদ অহা বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজ থাকে মানে সমস্যা থাকিব।

মানুহ থাকে মানে সমস্যা থাকিব। মাথো মানুহবোৰ হ’ব লাগিব শিক্ষিত। সভাত এবিএমছুৰ সভাপতি আবু ছায়েদ আনচাৰী,  প্ৰাক্তন উপ-সভাপতি মুজিব আলী আহমেদ, সমাজ সংগঠক হৰেশ্বৰ বৰ্মন, আক্ৰাছু নেতা নয়ন তালুকদাৰ,  বাক্সা জিলা কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰত্নেশ্বৰ কলিতা আদিকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ৰাজপথত উলিয়ওৱা হয় এক সংস্কৃতিক সমন্বয় শোভাযাত্ৰা।

উক্ত শোভাযাত্ৰাত অঞ্চলটোৰ বিভিন্ন কৃষ্টি দলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৪ ফেব্ৰুৱাৰীৰ পৰা তিনীদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা উক্ত অধিৱেশনৰ আজি নিশা সাংস্কৃতিক সন্ধিয়া পিছতে সামৰণি পৰে। ইপিনে বদৰুদ্দিন খানক সভাপতি আৰু ইমাৰান হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।
 

Your Comments