কামপুৰত এনডিএফবিৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী দুই যুৱক 

a

কামপুৰৰ পৰা বিশেষ প্ৰতিবেদক
এনডিএফবিৰ নামত ধন দাবী কৰি নগাঁৱৰ কঠিয়াতলীত ৰঙাঘৰৰ আলহী হ'ল দুই যুৱক । ধৃত যুৱক দুজনৰ নাম হৈছে মুকুল সৎনামী আৰু দেৱনাৰায়ণ গোৱালা । ধৃত দুই যুৱকে এনডিএফবিৰ নাম লৈ চিঠিৰে কামপুৰ কঠিয়াতলী আৰু ননৈৰ দুজন লোকক মুঠ ২৫ লাখ টকা আদায় দিবলৈ ভাবুকি প্ৰদান কৰিছিল ।

দাবী কৰা ধন নিদিলে কঠিয়াতলীৰ এই পৰিয়ালটোৰ একমাত্ৰ পুত্ৰক গুলিয়াই হত্যা কৰাৰ ভাবুকিও দিছিল ৷ উপায়ন্তৰ হৈ পৰিয়ালটো কাষ চাপিছিল আৰক্ষীৰ ৷ কামপুৰ আৰক্ষী থানাত ৰুজু হোৱা ৩৬/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলাই কঠিয়াতলী আৰু ডৱকাৰ পৰা এই যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ধৃত যুৱক দুজন পকা মিস্ত্ৰী বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে তেওঁলোকৰ পৰা ধনদাবী পত্ৰৰ লগতে এটা ম'বাইল হেণ্ডছেট আৰু ছিমকাৰ্ডো জব্দ কৰে । আৰক্ষীয়ে কম সময়ৰ ভিতৰতে দুই দূৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে ভূক্তভোগী পৰিয়ালটোয়ে ৷
 

Your Comments