ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
পৰিয়ালৰ অসন্মতিত পলাই গৈ বিয়াত বহাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত হোজাই জিলাৰ নীলবাগানত এজন যুৱকে এগৰাকী ছাত্ৰীক চুৰিৰে হানি আহত কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷ বাতৰি অনুসৰি নীলবাগানৰ যুৱ ব্যৱসায়ী নাজিৰ আহমেদ নামৰ যুৱক এজনে এই কাণ্ড সংঘটিত কৰে ৷
নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দ্বাদশ শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল নাজিৰ আহমেদৰ ৷ যোৱা ৪ ফেব্ৰুৱাৰীৰ দিনা ছাত্ৰীগৰাকী বিদ্যালয়লৈ যোৱাৰ পথত প্ৰেমিক নাজিৰ আহমেদে ছাত্ৰীগৰাকীক নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ মাতি আনি আদালতত গৈ বিয়াত বহাৰ প্ৰস্তাৱ দিয়ে৷ নিজৰ পৰিয়ালৰ অসন্মতিত এনেকৈ বিয়াত বহাৰ প্ৰস্তাৱ নাকচ কৰাত প্ৰেমিক নাজিৰ আহমেদে ছাত্ৰীগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰে ৷
খবৰ অনুসৰি ছাত্ৰীগৰাকীৰ পেটত চুৰিৰে আক্ৰমণ কৰাত সম্প্ৰতি সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ ইপিনে, এই ঘটনা সংক্ৰান্তত পলমকৈ আজি ছাত্ৰীগৰাকীৰ আইতাকে মোৰাঝাৰ আৰক্ষী থানাত ৩৪/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬/৩৪২/৩২৬ ধাৰাত এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷ সম্প্ৰতি প্ৰেমিক নাজিৰ আহমেদ পলাতক হোৱাত ঘটনা সম্পৰ্কত তেওঁৰ প্ৰতিক্ৰিয়া জানিব পৰা নাই৷
- Log in to post comments
- 205 views