১৬ ফেব্ৰুৱাৰীত গঠন হ'ব বঙাইগাঁও জিলা পৰিষদ

১৬ ফেব্ৰুৱাৰীত গঠন হ'ব বঙাইগাঁও জিলা পৰিষদ

যোৱা ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত বঙাইগাঁও জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন সভা আৰু শপত গ্ৰহণ অনুষ্ঠান অহা ১৬ ফেব্ৰুৱাৰীৰ পুৱা ১১.০০ বজাত বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ'ব। এই প্ৰথম সভাত সভাপতিত্ব কৰিব বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে। সভাত নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণো অনুষ্ঠিত হ'ব। আনহাতে, এই সভাতে বঙাইগাঁও জিলা পৰিষদৰ সভাপতি আৰু উপ-সভাপতি নিৰ্বাচিত কৰি জিলা পৰিষদো গঠন কৰা হ'ব।

এই শপত গ্ৰহণ অনুষ্ঠানত জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী, জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল আৰু নিৰ্বাচনী বিষয়া বাসবী ঠাকুৰীয়াও উপস্থিত থাকিব। উল্লেখ্য যে ১২খন আসন বিশিষ্ট বঙাইগাঁও জিলা পৰিষদ গঠন কৰিবলৈ হ'লে মেজিক সংখ্যা ৭ৰ প্ৰয়োজন যদিও পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত জিলাখনত কোনো দলেই উক্ত মেজিক সংখ্যা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

1111

বঙাইগাঁও জিলা পৰিষদৰ মুঠ ১২খন আসনৰ ভিতৰত এইবেলি অসম গণ পৰিষদ দলে সৰ্বাধিক ৫খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে ৩খন, বিজেপিয়ে ২খন আৰু এ আই ইউ ডি এফ দলে ২খন আসন লাভ কৰিছে৷ এনে অৱস্থাত অসম গণ পৰিষদ দলক বঙাইগাঁও জিলা পৰিষদ গঠন কৰাৰ বাবে বিজেপি, এ আই ইউ ডি এফ নে কংগ্ৰেছ দলে সহায় কৰিব সেয়া লক্ষণীয় হ'ব। কাৰণ ২০১৩ বৰ্ষত অসম গণ পৰিষদ দলে কেৱল ৩খন আসন লাভ কৰিও জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ৫খন আসন লাভ কৰা কংগ্ৰেছ দলে জিলা পৰিষদ গঠনৰ পৰা বঞ্চিত হৈছিল৷

কংগ্ৰেছ দলক আন দলে সমৰ্থন নকৰাৰ বাবে সৰ্বাধিক আসন লাভ কৰিও জিলা পৰিষদ গঠন কৰাত ব্যৰ্থ হৈছিল দলটো৷ যোৱাবাৰ এ আই ইউ ডি এফ দলে ৩খন আৰু চিপিআই (এম) দলে এখন আসন লাভ কৰিছিল৷ পিচত জিলা পৰিষদ গঠনৰ সময়ত অগপ দলক দল দুটাই সমৰ্থন কৰাত অগপ- এ আই ইউ ডি এফ আৰু চিপিআই (এম) দলৰ দ্বাৰা জিলা পৰিষদখন গঠিত হৈছিল৷

Your Comments