ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াক ভাতৃঘাতী সংঘৰ্ষ সৃষ্টিৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে অসম জনজাতি সংঘৰ হোজাই জিলা সমিতিয়ে৷ জিলা সমিতিৰ সভাপতি প্ৰশান্ত কুমাৰ বাগলাৰী আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি ডিবৰাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ কৰে যে যোৱা ২৯ জানুৱাৰীত আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াই আটাছুৰ এখন ৰাজহুৱা সভাত অসম জনজাতি সংঘৰ প্ৰধান সম্পাদক আদিত্য খাখলাৰীক ধুৰন্ধৰ বুলি সমালোচনা কৰা কাৰ্যক জিলা সমিতিয়ে তীব্র ভাষাৰে গৰিহণা প্ৰদান কৰে৷
এই ধৰণৰ সমালোচনাই অসমত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ লগতে অশ্বিনী চেতিয়াৰ নিচ মানসিকতাৰ পৰিচয় দাঙি ধৰা বুলি জিলা সমিতিয়ে ক্ষোভ প্ৰকাশ কৰে৷ তদুপৰি, জনজাতি সংঘৰ সম্পাদক আদিত্য খাখলাৰীক উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰা বুলি অশ্বিনী চেতিয়াই কৰা মন্তব্য হাস্যকৰ আৰু ইয়াত ৰাজনৈতিক ৰহস্য সোমাই আছে বুলি মন্তব্য কৰে হোজাই জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে৷ অসমৰ জাতীয় সংকটৰ সময়ত জনগোষ্ঠীয় সংগঠনসমূহ ঐক্যবদ্ধভাৱে আন্দোলন গঢ়ি তোলাৰ সময়ত অশ্বিনী চেতিয়াৰ এনে ভাষ্য অতি দুৰ্ভাগ্যজনক আৰু জনজাতিসকলৰ বাবেও লজ্জ্বাজনক৷
অশ্বিনী চেতিয়াই নাগৰিকত্ব (সংশোধনী) বিধেয়কবিৰোধী আন্দোলন দুৰ্বল কৰাৰ বাবে ষড়যন্ত্ৰ ৰচা বুলি জিলা সমিতিয়ে অভিযোগ কৰে৷ অশ্বিনী চেতিয়াক এনে ভাষ্যৰ বাবে তেওঁক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে ভবিষ্যতে এনে সমালোচনাৰ পৰা বিৰত থাকিবলৈ সকীয়়াই দিয়ে জনজাতি সংঘৰ হোজাই জিলা সমিতিযে়৷ অসম জনজাতি সংঘই আজিলৈকে কোনো সংগঠনৰ মুৰব্বীক ব্যক্তিগতভাবে আক্ৰমণ কৰা নাই৷ জনজাতিসকলৰ স্বাৰ্থত ঐক্যবদ্ধভাবে সংগ্রাম কৰি যোৱাৰ পোষকতা কৰে প্ৰেছ বিবৃতিতোত৷
- Log in to post comments
- 21 views