শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোঁহাই
ৰাজ্যৰ চাৰিওফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ৪জন ছাত্ৰই নগৰৰ দ'লমুখ চাৰিআলিত থকা ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল আৰু ছয় জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ ক্ৰমে অভিজিত গগৈ, ৰাহুল গগৈ, প্ৰিয়াংকু গগৈ আৰু অবিনাশ কলিতাই পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে, এই চাৰি ছাত্ৰৰ অনশনস্থলীত মহাবিদ্যালয়খনৰ আন আন ছাত্ৰ-ছাত্ৰী আহি তেওঁলোকক সহযোগ কৰে।
- Log in to post comments
- 20 views