বঙাইগাঁৱত ৩০সংখ্যক পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ

বঙাইগাঁৱত ৩০সংখ্যক পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ

বঙাইগাঁৱৰ প্ৰতিবেদক

বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও আৰক্ষীৰ সহযোগত সোমবাৰৰ পৰা জিলাখনত সপ্তাহজোৰা কাৰ্যসূচীৰে ৩০সংখ্যক পথ সুৰক্ষা সপ্তাহ আৰম্ভ হৈছে৷ অহা ১০ ফেব্ৰুৱাৰীলৈ পালন কৰিবলগীয়া পথ সুৰক্ষা সপ্তাহৰ  আৰম্ভণি হিচাপে সোমবাৰে বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত চিলাৰায় উৰণীয়া সেতুত থকা ট্ৰেফিক পইণ্টত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত বঙাইগাঁও জিলাৰ উপায়ক্ত আদিল খানে কয় যে বাহন চালকৰ বাবে কিছুমান আইন আছে আৰু নীতি-নিয়ম আছে।

বঙাইগাঁৱত ৩০সংখ্যক পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ

এই আইন আৰু নীতি-নিয়ম বাহন চালকসকলে মানি চলিলে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পৰা যাব। এই নীতি-নিয়মসমুহ সম্পৰ্কে বাহন চালকসকলক সজাগ কৰি দিবলৈ পথ সুৰক্ষা সপ্তাহ পতা হৈছে। বাহনচালকসকলে মনত ৰাখিব লাগে যে তেঁওলোকৰ পত্নী, ল'ৰা-ছোৱালীয়ে তেওঁলোকৰ বাবে বাট চাই থাকে। বাহনচালকসকলে নীতি-নিয়মসমূহ মানি চলিলে নিজেও দুৰ্ঘটনাৰ পৰা হাত সাৰিব আৰু আনৰো জীৱন ৰক্ষা পৰিব বুলিও কয়৷

এই ৩০সংখ্যক পথ সুৰক্ষা সপ্তাহৰ মূল শ্লোগান হৈছে- পথ সুৰক্ষা-জীৱন সুৰক্ষা। আনহাতে, সভাত উপস্থিত থকা বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে পথ সুৰক্ষাৰ ক্ষেত্ৰত সাংবাদিকসকলৰ যথেষ্ট দায়িত্ব আছে বুলি কয়। তেওঁ কয় যে সাংবাদিকসকলে নিজৰ লেখনিৰ দ্বাৰা সমাজক সজাগ কৰিব পাৰে৷ বঙাইগাঁও জিলাৰ পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই আঁতধৰা অনুষ্ঠানত নিজৰ ভাষণত কয় যে ভাৰতবৰ্ষত বছৰি প্ৰায় ১.৪৭ লাখ ঘৰৰ পৰা ওলাই যোৱা মানুহ পথ দুৰ্ঘটনাৰ বাবে আকৌ জীৱিত হৈ ঘৰলৈ ঘূৰি নাহে৷

বঙাইগাঁৱত ৩০সংখ্যক পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ

আনহাতে, বঙাইগাঁও জিলাত বিগত বৰ্ষত ১১৪জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা বুলিও কয়৷ সেয়ে বাহন চলাওঁতে সকলোৱে পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ মানি চলিব লাগে বুলি কয়৷ সভাত বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰীয়েও বক্তব্য ৰাখে৷ অনুষ্ঠানত জিলাৰ উপ-আৰক্ষী অধীক্ষক মাত্ৰা ডেকা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিণুৰাণী ৰাজবংশীও উপস্থিত থাকে৷ উল্লেখ্য যে চিলাৰায় উৰণীয়া সেতুৰ ওপৰেৰে হেলমেট নিপিন্ধাকৈ মটৰচাইকেল চলাই যোৱা লোকসকলক জিলা উপায়ুক্ত আদিল খান আৰু জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে একোটাকৈ ৰঙা গোলাপ দি আগলৈ হেলমেট পিন্ধি মটৰচাইকেল চলাবলৈ সজাগ কৰি দিয়ে।

বঙাইগাঁৱত ৩০সংখ্যক পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ

সভাৰ পিচতে চিলাৰায় উৰণীয়া সেতুৰ পৰা পথ সুৰক্ষা সপ্তাহ উপলক্ষে এক মটৰচাইকেল আৰু অটো ৰেলীও উলিওৱা হয়৷ এই ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে উপায়ুক্ত আদিল খানে৷ পথ সুৰক্ষা সপ্তাহৰ আন আন কাৰ্যসূচীৰ ভিতৰত আছে গাড়ীচালকৰ অনুজ্ঞাপত্ৰ পৰীক্ষা, গাড়ীচালকৰ ছীট বেল্ট পৰীক্ষা, প্ৰচাৰ পত্ৰিকা বিতৰণ, বাটৰ নাট, সুৰাপান কৰি গাড়ী চলোৱাৰ বিপক্ষে অভিযান আদি।

Your Comments