বইটামাৰীৰ প্ৰতিবেদক
বঙাইগাঁও জিলাৰ বইটামাৰী অঞ্চলৰ আমগুৰিৰ ঐতিহাসিক মাধৱদেৱ সত্ৰত ৩০সংখ্যক সাৰ্বজনীন পালনাম উদ্যাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে। ১৪, ১৫, ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ এই সাৰ্বজনীন পালনাম অনুষ্ঠিত হ'ব। কাৰ্যসূচী অনুসৰি, ১৪ ফেব্ৰুৱাৰীত পুৱা ৮ বজাত পালনাম মহোৎসৱৰ পতাকা উত্তোলন কৰিব অৰুণ দাসে।
সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন হ'ব। তাৰ পিছত ভাগৱত স্থাপন কৰিব ৰবীন পাঠকে। ১৫ আৰু ১৬ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাৰ পৰা ১০ বজালৈ আমন্ত্ৰিত আৰু স্থানীয় পাঠকৰ দ্বাৰা পুৱাৰ প্ৰসংগ, পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজালৈ ঘোষা নাম পৰিৱেশন হ'ব। একেদৰে ১৬ ফেব্ৰুৱাৰীৰ বিয়লি ২ বজাৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ পুৱা ৪ বজালৈ বিৰতিহীনভাৱে থিয়নাম পৰিৱেশন কৰিব স্থানীয় আৰু আমন্ত্ৰিত নামদলে। ১৭ ফেব্ৰুৱাৰীৰ পুৱা ৪ বজাৰ পৰা ৫ বজালৈ নাম প্ৰসংগৰে অখণ্ড পালনামৰ সামৰণি পৰিব।
পুৱা ৭ বজাৰ পৰা ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হ'ব। তাৰ পিছত ধৰ্মালোচনা সভা আৰু প্ৰসাদ বিতৰণেৰে চাৰিদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব। অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যাপন সমিতিয়ে।
- Log in to post comments
- 31 views