ছয় জনগোষ্ঠীৰ জনজাতিকৰনৰ বিৰোধিতাৰে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ তামুলপুৰত মিশ্ৰিত প্ৰভাৱ পৰিছে।
বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত তামুলপুৰৰ কুমাৰীকাটা, দ্বাৰকুছি কালাকুছি, ডিমলাপাৰ, পুৰাণ চ'ক, মটঙা চ'ক বন্ধ হৈ পৰে।
দোকান- পোহাৰ, সাপ্তাহিক বজাৰ, যানবাহনৰ চলাচল বন্ধ হৈ আছে। বন্ধৰ সময়ছোৱাত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা নাই ৷ সষ্টম হৈ আছে তামুলপুৰ মহকুমা প্ৰশাসন
- Log in to post comments
- 8 views