অসাংবিধানিক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি বঙাইগাঁৱত চি পি আই( এম) দলে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা চি পি আই (এম) দলৰ উদ্যোগত বঙাইগাঁও চহৰৰ গান্ধী ময়দানত পুৱা ১০:৩০ বজাৰ পৰা দিনৰ ১২:৩০ বজালৈ ৰূপায়ণ কৰা অৱস্থান কাৰ্সূচীত অংশ গ্ৰহণ কৰা দলীয় নেতা-কৰ্মীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, হিন্দু- মুছলমান আৰু অসমীয়া-বঙালীৰ নামত ৰাজনীতি কৰা নচলিব, সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপি চৰকাৰ হুচিয়াৰ, ধৰ্মৰ নামত, জাতিৰ নামত নাগৰিকত্ব দিয়া নচলিব, অসম চুক্তি আখৰে আখৰে পালন কৰক আদি বিভিন্ন শ্লোগান দি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইপিনে অৱস্থান কাৰ্যসূচীত অংশ গ্ৰহণ কৰা চি পি আই ( এম) দলৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদক মণ্ডলিৰ সদস্য তথা অধিবক্তা হৰেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে চি পি আই (এম) দলৰ কেন্দ্ৰীয় সমিতিয়ে আজি অসাংবিধানিক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশজুৰি আহ্বন জনোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁৱতো দলৰ তৰফৰ পৰা বিধেয়কখন বাতিলৰ দাবীত অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোক সভাত গৃহীত কৰা এই বিধেয়কখন আজি ৰাজ্য সভাত উত্থাপন কৰাৰ কথা সদম্ভে ঘোষণা কৰিছিল ৷
সেয়ে এই ঘোষণাৰ পিচতে ভাৰতবৰ্ষৰ এটা গণতান্ত্ৰিক চেতনা সম্পন্ন দলৰ সভ্য সমৰ্থক হিচাপে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ কাৰণ তেওঁলোকৰ যিখন প্ৰস্তাবিত বিধেয়ক এই বিধেয়কখনে আমাৰ দেশৰ, বিশেষকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত এক বিভেদকামী ৰাজনীতিৰ মাজেদি গোটেই জনসাধাৰণৰ মাজত বিভাজন সৃষ্টি কৰিব ৷ এইখন বিধেয়কখন আচলতে গণতন্ত্ৰ বিৰোধী বিধেয়ক ৷ এইখন বিধেয়ক আচলতে এখন জাতিধ্বংসী বিধেয়ক আৰু এই বিধেয়কখনে আমাৰ সমগ্ৰ ৰাজ্যখনৰ ঐক্য, সম্প্ৰীতি থানবান কৰি দিব ৷ সেয়ে এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে বুলি কয় ৷
- Log in to post comments
- 15 views